ETV Bharat / state

বি এছ এফৰ ছাউনিত কেনেকৈ প্ৰাণ হেৰুৱালে ওদালগুৰিৰ অমৃত হাজঙে ? - Assam Jawan death in WB - ASSAM JAWAN DEATH IN WB

BSF Jawan sudden death: পশ্চিমবংগত বি এছ এফৰ ছাউনিত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয় ওদালগুৰিৰ অমৃত হাজং নামৰ এজন জোৱানে । বুধবাৰে জোৱানজনৰ নশ্বৰ দেহ বাসগৃহলৈ অনাৰ লগে লগে শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলত । নিশাই সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ।

BSF Jawan sudden death
ৰহস্যজনক মৃত্যু জোৱানৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 5:00 PM IST

ৰৌতা,৩ অক্টোবৰ : পশ্চিমবংগত অসমৰ জোৱান অমৃত হাজঙৰ মৃত্যুক লৈ চাঞ্চল্য অব্যাহত আছে । জোৱানজন হৈছে ওদালগুৰি জিলাৰ ওৰাঙৰ মৈমনসিং গাঁৱৰ বাসিন্দা ।

বুধবাৰে নিশা জোৱানজনৰ নশ্বৰ দেহ স্বগৃহলৈ অনা হয় । লগে লগে ওৰাঙৰ মৈমনসিং গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰে । পশ্চিমবংগত মৃত্যু হোৱা বি এছ এফ জোৱানজনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ লগে লগে কান্দোনত ভাগি পৰে পৰিয়াল আৰু গাঁওখনৰ ৰাইজ ।

ৰহস্যজনক মৃত্যু জোৱানৰ (ETV Bharat)

কেনেকৈ মৃত্যু হ'ল জোৱানজনৰ ?

উল্লেখ্য যে জোৱানজনে ৰাষ্ট্ৰপতিৰ পদকৰ লগতে সাহসিকতাৰ বাবে কেইবাটাও পদক আৰু সন্মান লাভ কৰিছিল । পশ্চিমবংগৰ উত্তৰ পৰগণা জিলাত কৰ্মৰত হৈ আছিল হাজং । শেহতীয়াকৈ উপ-পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰিছিল । যাৰ বাবে তেওঁ যাৱতীয় কামৰ বাবে চিমানগৰস্থিত মুখ্য কাৰ্যালয়ত যোগদানৰ বাবে নিজৰ তথ্য পাতি দিবলৈ গৈছিল ৷ নিশা হোৱাত বি এছ এফৰ সেনা ছাউনিতে আশ্ৰয় লৈছিল জোৱানজনে ৷ নিশা পৰিয়াল তথা আত্মীয়ৰ সৈতে ফোনত কথাও পাতিছিল জোৱানজনে । কিন্তু পুৱালৈ জোৱানজনক বিচনাতে মৃত অৱস্থা পোৱা গ'ল । মঙলবাৰে পুৱা এই বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰোৱা হয় । পৰিয়ালৰ লোকে জনোৱা মতে তেওঁলোকক বি এছ এফৰ তৰফৰ পৰা জনাইছে যে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত জোৱানজনৰ মৃত্যু হয় । জোৱানজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়াল আৰু গাঁওখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি

ইফালে বুধবাৰে নিশা জোৱানজনৰ নশ্বৰ দেহ ঘৰলৈ অনা হয় । বি এছ এফৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় । কিন্তু জোৱানজনৰ মৃত্যু কেনেকৈ হ'ল তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে । হৃদৰোগৰ বাবে নে আন কাৰণত জোৱানজনৰ মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক :হোমৰ গুৰিত বহা সপোন সপোনেই হৈ ৰ’ল ধনমণিৰ - Mangaldoi YOUTH MYSTERIOUS DEAD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.