ETV Bharat / bharat

COVID-19ত আক্ৰান্ত হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা সুস্থিৰ

author img

By

Published : Dec 18, 2020, 8:20 AM IST

COVID-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ আম্বালাৰ এখন চিকিৎসালয়ত ভাৰত বায়'টেকৰ COVID-19 ভেকচিন পৰীক্ষণ টিকা গ্ৰহণৰ পাচতে ৫ ডিচেম্বৰত COVID-19ত আক্ৰান্ত হৈছিল স্বাস্থ্য মন্ত্ৰী গৰাকী ৷

COVID-19 positive Anil Vij's condition stable
COVID-19ত আক্ৰান্ত হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা সুস্থিৰ

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: COVID-19 ত আক্ৰান্ত হৈ গুৰুগ্ৰামৰ মেদান্ত হস্পিতালত চিকিৎসাধীন হৈ থকা হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ ICUত চিকিৎসাধীন হৈ থকা মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাত উন্নতি হৈছে বুলি বৃ্হস্পতিবাৰে চিকিৎসালয়খনৰ অধ্যক্ষ ড০ এ কে দুৱেইয়ে জনায় ৷

ভাৰত বায়'টেকৰ COVID-19 ভেকচিনৰ পৰীক্ষণ টিকা গ্ৰহণ কৰাৰ পিচতে শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হৈছিল স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ মেদান্ত হস্পিটেল গুৰুগ্ৰামত চিকিৎসাধীন হৈ থকাত চিকিৎসকৰ এটা দলে মন্ত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে পণ্ডিত ভগৱৎ দয়াল শর্মা স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (পিজিআইএমএছ), ৰোহতকলৈ প্ৰেৰণ কৰিছিল ।

৫ ডিচেম্বৰত COVID-19ত আক্ৰান্ত হোৱাত ভিজক ১৪ ডিচেম্বৰত অসামৰিক চিকিৎসালয়ৰ পৰা ৰোহতকৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (পিজিআইএছ)লৈ স্থানান্তৰ কৰা হৈছিল যদিও ভিজক 20 নৱেম্বৰত আম্বলাৰ এখন চিকিৎসালয়ত ভাৰত বায়'টেকৰ COVID-19 ভেকচিন পৰীক্ষণ টিকা প্ৰদান কৰা হৈছিল। ৰাজ্যখনত COVID-19 ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে প্ৰথম গৰাকী লোক হোৱাৰ প্ৰস্তাৱ দিছিল মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: কৃষি বিলক লৈ ভুৱা তথ্য বিয়পোৱা সকলৰ বিৰুদ্ধে সৰৱ বৈজয়ন্ত জয় পাণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.