ETV Bharat / bharat

COVID-১৯ঃ দিল্লীত ২০ লাখৰো অধিক লোকৰ টীকাকৰণ সম্পন্ন

author img

By

Published : Apr 12, 2021, 5:52 PM IST

সমগ্ৰ দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ বিপৰীতে চৰকাৰে অব্যাহত ৰাখিছে টীকাকৰণ অভিযান । দিল্লীত মাত্ৰ এটা দিনত ১ লাখৰো অধিক লোকক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । দেওবাৰে দিল্লীত মুঠ ১,০৪,৮৬২ জন লোকৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ।

দেওবাৰে দিল্লীত মুঠ ১,০৪,৮৬২ জন লোকৰ টীকাকৰণ সম্পন্ন

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: COVID-১৯ মহামাৰীৰ সংক্ৰমণ ৰুধিবলৈ ভাৰত চৰকাৰে টীকাকৰণ অভিযান অব্যাহত ৰাখিছে । ৰাজধানী দিল্লীত এতিয়ালৈকে ২০ লাখৰো অধিক লোকৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে । ইয়াৰ ভিতৰত ১৭ লাখতকৈও অধিক লোকক প্ৰতিষেধকৰ প্ৰথম খোৰাক প্ৰদান কৰা হৈছে আৰু প্ৰায় ৩, ৫৮,৭৫৯ লাখ লোকে দ্বিতীয় খোৰাক লাভ কৰিছে বুলি স্বাস্থ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে ।

বিভাগীয় বিষয়াই জনোৱা মতে, দিল্লীত বিগত ২৪ ঘণ্টাত প্ৰায় ১,০৪,৮৬২ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । বিগত কেইসপ্তাহ মান ধৰি দিল্লীত মহামাৰীৰ সংক্ৰমণ পুনৰ বৃদ্ধি হোৱাৰ সময়তে টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । দেওবাৰে সম্পন্ন হোৱা টীকাকৰণ প্ৰক্ৰিয়াত ১,০৪,৮৬২ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ৯১,০৯৯ জনক প্ৰথম খোৰাক আৰু ১৩,৭৬৩ জনক দ্বিতীয় খোৰাক প্ৰদান কৰা হয় বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে যোৱা ১১ এপ্ৰিলৰ পৰা অহা ১৪ এপ্ৰিলৰ ভিতৰত দেশৰ অধিক সংখ্যক যোগ্য লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে স্বাস্থ্য বিভাগে । দিল্লীত 'টীকাকৰণ উৎসৱ'ৰ মূল উদ্দেশ্য হৈছে অধিক সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰা । সেয়ে, দৈনিক প্ৰদান কৰা প্ৰতিষেধকৰ সংখ্যা দিল্লীত ১ লাখ পৰ্যন্ত বৃদ্ধি পাইছে । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, দিল্লীত দেওবাৰে ১০,৭৭৭জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, চৰকাৰে দিল্লীত লকডাউন আৰোপ কৰিব বিচৰা নাই । যদি চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া ৰোগীৰ সংখ্যা বৃদ্ধি পায় আৰু সংকটজনক অৱস্থাত থকা ৰোগীৰ বাবে বিচনা উপলব্ধ নহয়, তেন্তে লকডাউনৰ দৰে পৰিস্থিতিৰ পুনৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক:কৰ'ণাসৃষ্ট পৰিস্থিতিঃ গুজৰাট চৰকাৰক সমলোচনা উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.