ETV Bharat / bharat

24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্তৰ সংখ্যা 30,000 জনলৈ হ্ৰাস - 24 ঘন্টাত 20035 জন লোক আক্ৰান্ত

দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 1.03 জন হোৱাৰ বিপৰীতে ক'ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা 256 জন ৷ ICMR ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৭,৩১,১১,৬৯৪ টা ক'ভিড টেষ্ট কৰা হৈছে ৷

COVID-19: New daily cases in India remain below 30,000
24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্তৰ সংখ্যা 30,000 জনলৈ হ্ৰাস
author img

By

Published : Jan 1, 2021, 1:12 PM IST

নতুন দিল্লী, 1 জানুৱাৰী: দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ যোৱা 19 দিনত দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 30,000ৰ তলত থকাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 1,02,86,709 জন ৷ যোৱা 24 ঘন্টাত 20035 জন নতুন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 256 জনৰ ৷ এই নতুন মৃতকৰ সৈতে সৰ্বমুঠ মৃত্যু হৈছে 1,48,994 জনৰ ৷

এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে গৈ 98,83,461 জন ৷ ইয়াৰ পাচতে আৰোগ্য লাভৰ হাৰ 96.08 শতাংশলৈ বৃদ্ধি হোৱাৰ লগতে মৃত্যুৰ হাৰ হৈছে গৈ 1.45 শতাংশ ৷ বিগত 11 দিনত ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা আছিল 3 লাখৰ তলত ৷

সম্প্ৰতি দেশত সংক্ৰীয় হৈ আছে 2,54,254 জন ৰোগী ৷ আই চি এম আৰৰ তথ্য মতে, ৩১ ডিচেম্বৰলৈকে ১৭,৩১,১১,৬৯৪ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ১০,৬২,৪২০ টা নমুনা শণিবাৰে পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়ক:ভাৰতৰ দৃষ্টিভঙ্গী ৰক্ষণশীল আৰু সাধাৰণ হোৱা উচিত: প্ৰাক্তন বিদেশ সচিব শ্যাম সৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.