ETV Bharat / bharat

COVID-19: ৮৪.৬২ লাখ স্পৰ্শ কৰিলে ভাৰতত আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Nov 7, 2020, 4:20 PM IST

ভাৰতত ৫০,০০০ জনৰো অধিক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱা ৰোগীৰ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা ৮৪,৬২,০৮০ গৰাকী। প্ৰাণঘাতী মহামাৰীৰ কবলত পৰি ২৪ ঘণ্টাত ৫৭৭ জনৰ মৃত্যু।

COVID-19: ৮৪.৬২ লাখ স্পৰ্শ কৰিলে ভাৰতত আক্ৰান্তৰ সংখ্যাই
COVID-19: ৮৪.৬২ লাখ স্পৰ্শ কৰিলে ভাৰতত আক্ৰান্তৰ সংখ্যাই

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৪ ঘণ্টাত ভাৰতত ৫০,৩৫৬ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে। আনহাতে, ৫৭৭ জনৰ মৃত্যু হৈছে ২৪ ঘণ্টাৰ ভিতৰত । শনিবাৰে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৪,৬২,০৮০ গৰাকী । দেশত মহামাৰীত আক্ৰান্তৰ ৫,১৬,৬৩২টা ঘটনা সক্ৰিয় হৈ আছে বুলি প্ৰকাশ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ।

বৰ্তমানলৈকে ৭৮,১৯,৮৮৬ গৰাকী লোক আৰোগ্য হৈ উঠিছে। ১,২৫,৫৬২ জন ৰোগীয়ে মহামাৰীৰে যুঁজি মৃত্যুৰে হাৰ মানিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, এই পৰিসংখ্যাৰে আৰোগ্যৰ হাৰ ৯২.৪১ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৮ শতাংশ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে শুক্ৰবাৰে মাত্ৰ এটা দিনত ১১,১৩,২০৯ টা নমুনা পৰীক্ষণ কৰে । এতিয়ালৈকে ১১,৬৫,৪২,৩০৪ জন লোকৰ নমুনা পৰীক্ষণ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে । মহাৰাষ্ট্ৰত মুঠ ১৭,১০,৩১৪টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ।

মহাৰাষ্ট্ৰত এতিয়ালৈকে ৪৪,৯৬৫ জন মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । ইয়াৰ পিছতে সৰ্বাধিক সংক্ৰমণ হোৱা ৰাজ্যৰ ভিতৰত আছে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লী। ৰাজধানী চহৰখনত শুক্ৰবাৰে COVID-19ত আক্ৰান্তৰ আটাইতকৈ বেছি ঘটনা পঞ্জীয়ন কৰা হয় । উৎসৱৰ বতৰ আৰু বৰ্ধিত প্ৰদূষণৰ বাবে আক্ৰান্তৰ ১২.১৯ শতাংশ হোৱাৰ পিছত ৭,১৭৮টা নতুনকৈ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে। বৰ্তমান দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৪,২৮,৮৩১ জনলৈ বৃদ্ধি পাইছে । যোৱা ৪ দিন ধৰি দিল্লীত প্ৰতিদিনে ৬,০০০ৰো অধিক COVID-19ত আক্ৰান্তৰ ঘটনা পঞ্জীয়ন হৈছে।

ইয়াৰ পূৰ্বে বুধবাৰে অধিক সংক্ৰমণ হোৱা দেখা গৈছিল আৰু ৬,৮৪২টা ঘটনা পোহৰলৈ আহে । শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্বীকাৰ কৰিছে যে, মহামাৰীৰ সংক্ৰমণৰ তৃতীয় পৰ্যায়ে দিল্লীক স্পৰ্শ কৰিছে । জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ মতে, বিশ্বজুৰি ৪৯ মিলিয়ন লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ১২,৪১,৩৬০ গৰাকীৰো অধিক লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ।

লগতে পঢ়ক:10টাকৈ কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপনৰ বাবে সাজু পিএছএলভি ৰকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.