ETV Bharat / bharat

ভাৰতত নতুনকৈ ৪১,৩৮৩ জন লোক COVID-19ত আক্ৰান্ত

author img

By

Published : Jul 22, 2021, 1:34 PM IST

দৈনিক আক্ৰান্তৰ তুলনাত বুধবাৰে ভাৰতত হ্ৰাস পাইছে আক্ৰান্ত সংখ্যা । যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪১,৩৮৩ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা(CORONA) ভাইৰাছৰ অৱস্থিতি । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়(Union Health and Family Welfare Ministry)ৰ তথ্য অনুসৰি, বুধবাৰৰ দিনটোত ভাৰতত ৫০৭ জন লোকে মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

COVID 19 latest report
ভাৰতত নতুনকৈ ৪১,৩৮৩ জন লোক ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২২ জুলাই : ভাৰতত সামগ্ৰিকভাৱে কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে যদিও বহু ৰাজ্যত এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই । দৈনিক হাজাৰ হাজাৰ লোক মহামাৰীৰ কবলত পৰিছে । বুধবাৰে দেশত নতুনকৈ ৪১,৩৮৩ জন লোক ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হয় । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে(Union Health and Family Welfare Ministry) বৃহস্পতিবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে দেশত ৩,১২,৫৭,৭২০ জন লোক মহামাৰীত আক্ৰান্ত হৈছে ।

বুধবাৰৰ দিনটোত মৃত্যু হোৱা ৫০৭ জন লোকসহ এতিয়ালৈকে ভাৰতত ৪,১৮,৯৮৭ জনে কৰ'ণাৰে যুঁজি হাৰ মানিছে । বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ ঘটনা ৪,০৯,৯৩৪ টা । আনহাতে, ভাৰতত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা ৩,০৪,৩৯,৩৩৯ জনলৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, এতিয়ালৈকে মুঠ ৪১.৭৮ কোটি লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে( Indian Council of Medical Research) প্ৰকাশ কৰা তথ্য অনুসৰি, ২১ জুলাই পৰ্যন্ত ৪৫,০৯,৫১,১৫১টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে ১৭,১৮,৪৩৯টা নমুনা বুধবাৰে পৰীক্ষা কৰা হৈছে ।

আনহাতে, মঙলবাৰে নতুনকৈ ৪২,০১৫ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছিল । দেশত ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ হাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে । কিন্তু এতিয়াও ক'ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতা শেষ হোৱা নাই । কেইবাখনো ৰাজ্যত এতিয়াও সান্ধ্য আইন বলৱৎ হৈ আছে আৰু উদ্বেগজনকভাৱে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে ।

লগতে পঢ়ক:পুনৰ দিল্লীত উৎপীড়নৰ বলি উত্তৰ-পূৱৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.