ETV Bharat / bharat

কোভিড ১৯: দেশত ২৪,৩৩৭ গৰাকীৰ দেহত নতুনকৈ কৰ’ণাৰ অৱস্থিতি

author img

By

Published : Dec 21, 2020, 2:07 PM IST

ভাৰতত বৰ্তমানলৈকে ১,০০,৫৫,৫৬০ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷

কোভিড ১৯: দেশত ২৪,৩৩৭ গৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি

নতুন দিল্লী,২১ ডিচেম্বৰ: দেশত বৰ্তমানলৈকে ১,০০,৫৫,৫৬০ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ শেহতীয়াকৈ এদিনতে ২৪,৩৩৭ গৰাকী লোকৰ দেহত নতুনকৈ ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ ভিতৰত ৯৬ লাখ লোকে আৰোগ্য লাভ কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য ৷

৩৩৩ গৰাকী ব্যক্তিৰ মৃত্যুৰে ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে ১,৪৫,৮১০ গৰাকীলৈ ৷

৯৬,০৬,১১১ গৰাকী লোক আৰোগ্য হোৱাৰ পিছত দেশত আৰোগ্যৰ হাৰ হৈছে ৯৫.৫৩ শতাংশ ৷ মৃত্যুৰ হাৰ হৈছে ১.৪৫ শতাংশ ৷ ক্ৰমাগত ১৫ দিনলৈ আক্ৰান্তৰ সংখ্যা ৪ লাখতকৈ কম পোৱা গৈছে ৷

দেশত সম্প্ৰতি ৩,০৩,৬৩৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ এয়া মুঠ আক্ৰান্তৰ সংখ্যাৰ ৩.০২ শতাংশ ৷

আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷ দেওবাৰৰ দিনটোত ৯,০০,১৩৪ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.