ETV Bharat / bharat

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১.০৩ কোটিলৈ বৃদ্ধি

author img

By

Published : Jan 7, 2021, 6:04 PM IST

দেশত অব্যাহত আছে কৰ'ণাৰ সংহাৰ । বৃহস্পতিবাৰলৈকে মহামাৰীত ১,০৩,৯৫,২৭৮ জন আক্ৰান্ত । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, ১৭,৮৪,০০,৯৯৫টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১.০৩ কোটিলৈ বৃদ্ধি
ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১.০৩ কোটিলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী: ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৩,৯৫,২৭৮ জনলৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে, ২৪ ঘণ্টাত দেশত ২০,৩৪৬ জন নতুনকৈ COVID-১৯ত আক্ৰান্ত হৈছে । নতুনকৈ মৃত্যু হোৱা ২২২ জন লোকসহ এতিয়ালৈকে দেশত ১,৫০,৩৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে । বৰ্তমানলৈকে ১,০০,১৬,৮৫৯ গৰাকী লোক আৰোগ্য হৈ উঠিছে ।

এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৬.৩৬ শতাংশলৈ বৃদ্ধি হৈছে । ভাৰতত মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৫ শতাংশ হৈছেগৈ । ধাৰাবাহিকভাৱে ১৭ দিনৰ দিনাও সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩ লাখতকৈ হ্ৰাস পায় । বৰ্তমান দেশত ২,২৮,০৮৩টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে ।

উল্লেখ্য যে, যোৱা ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ৬ জানুৱাৰীলৈকে ১৭,৮৪,০০,৯৯৫টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।বুধবাৰে ৯,৩৭,৫৯০ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক:ভাৰতীয় বায়ু সেনাই ব্য়ৱহাৰ কৰিব 'মুধোল হাউণ্ড' কুকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.