ETV Bharat / bharat

ভাৰতত নতুনকৈ 18,088 লোক ক'ভিডত আক্ৰান্ত

author img

By

Published : Jan 6, 2021, 5:15 PM IST

Updated : Jan 6, 2021, 5:51 PM IST

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি মঙলবাৰলৈকে 1,03,74,932 জন ক'ভিড-19 আক্ৰান্ত হোৱাৰ লগতে 5 জানুৱাৰীলৈকে 17,74,63,405 টা নমুনা পৰীক্ষা কৰা হৈছে ৷

COVID-19: India reports 18,088 fresh cases
ভাৰতত পুনৰ 18,088 জন লোক নতুনকৈ COVID-19 আক্ৰান্ত হৈছে

নতুন দিল্লী, 6 জানুৱাৰী: ভাৰতত নতুনকৈ ক'ভিড-19ত আক্ৰান্ত হৈছে 18,088 জন লোক ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ক'ভিড-19 আক্ৰান্তৰ সংখ্যা হৈছে 1,03,74,932 জন ৷ যোৱা 24 ঘণ্টাৰ ভিতৰত 264 জন লোকৰ মৃত্যু হোৱাৰ পাচত মৃতকৰ সংখ্যা 1,50,114 জনলৈ বৃদ্ধি পাইছে ৷ সম্প্ৰতি 99,97,272 জনলোকে আৰোগ্য লাভ কৰাৰ পাচত আৰোগ্য লাভৰ হাৰ 96.36 শতাংশলৈ বৃদ্ধি পাইছে ৷ আনহাতে COVID-19 আক্ৰান্তৰ মৃত্যুৰ হাৰ হৈছে 1.45 শতাংশ।

ভাৰতত COVID-19 সংখ্যাই 23 আগষ্টত 7,30 লাখ, 5 ছেপ্টেম্বৰত 40 লাখ আৰু 16 ছেপ্টেম্বৰত 50 লাখ অতিক্ৰম কৰাৰ পাচত ২৮ ছেপ্টেম্বৰত ৬০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল ৷ তাৰ পাচতে 11 অক্টোবৰত 70 লাখ, 29 অক্টোবৰত 80 লাখ আৰু 20 নৱেম্বৰত 90 লাখ অতিক্ৰম কৰাৰ লগতে 19 ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে।

আই চি এম আৰৰ তথ্য মতে, মঙলবাৰে 9,31,408 টা নমুনা পৰীক্ষা কৰাৰ লগতে 5 জানুৱাৰীলৈকে 17,74,63,405 টা নমুনা পৰীক্ষা কৰা হৈছে । বৰ্তমানেও সমগ্ৰ দেশতে 2,27,546 জন লোক চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: ওদালগুৰিত যুৱতীৰ ৰহস্যজনক মৃত্যু

Last Updated : Jan 6, 2021, 5:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.