ETV Bharat / bharat

অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান - oxygen refilling

ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত অক্সিজেনৰ নাটনিয়ে দেখা দিছে । সেয়ে, অক্সিজেনৰ দ্ৰুত বিতৰণ আৰু খালী টেংকাৰত অক্সিজেন পুনৰ ভৰোৱাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় বায়ুসেনা বাহিনী । খালী অক্সিজেন টেংকাৰ পুনৰ ভৰ্তি কৰোৱাৰ বাবে শনিবাৰে যোধপুৰৰ পৰা জামনগৰলৈ ৰাওনা হয় বায়ু সেনা বাহিনীৰ বিমান ।

অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান

author img

By

Published : Apr 24, 2021, 4:43 PM IST

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: শনিবাৰে ৰাজস্থানৰ যোধপুৰৰ পৰা গুজৰাটৰ জামনগৰলৈ খালী অক্সিজেন টেংকাৰ কঢ়িয়াই নিলে ভাৰতীয় বায়ু সেনাৰ চি-১৭ হেভী-লিফ্ট পৰিবহণ বিমানে ।

অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান
অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান

যোধপুৰৰ চিকিৎসালয়সমূহত অক্সিজেনৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ জামনগৰৰ পৰা ৩০-৪০ লিটাৰ অক্সিজেনৰ যোগান আবণ্টন দিছে ।

শনিবাৰে পুৱাই বিশাল সামৰিক বিমান দুখন যোধপুৰত উপস্থিত হয় । এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, খালী টেংকাৰ দুখনত অক্সিজেন পুনৰ ভৰ্তি কৰাৰ পিছত টেংকাৰ দুখন জামনগৰৰ পৰা স্থল পথেৰে যোধপুৰলৈ উভতাই অনা হ'ব । অৱশ্যে, পলম হ'লে, টেংকাৰবোৰ বিমানেৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে সূত্ৰটোৱে ।

লগতে পঢ়ক:শিৰদী সংস্থানক পৰীক্ষাগাৰ-অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.