ETV Bharat / bharat

চিকিৎসা সাহায্যলৈ ভাৰতত উপস্থিত ফ্ৰান্সৰ বিমান - বিশ্বৰ কেইবাখনো দেশে ভাৰতক সহায় কৰিছে

দেওবাৰে পুৱা ফ্ৰান্সৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা এখন বিমান ভাৰতত উপস্থিত হয় । ফ্ৰান্সে ভাৰতলৈ আঠটা বৃহৎ অক্সিজেন প্লাণ্টকে ধৰি ২৮ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰে ।

Corona
কৰ'ণা
author img

By

Published : May 2, 2021, 1:40 PM IST

নেশ্যনেল ডেস্ক,২ মে': দেওবাৰে পুৱা ফ্ৰান্সৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা এখন বিমান ভাৰতত উপস্থিত হয় । কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । ইয়াৰ অংশ হিচাপে ফ্ৰান্সে ভাৰতলৈ আঠটা বৃহৎ অক্সিজেন প্লাণ্টকে ধৰি ২৮ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰে । লগতে তৰল অক্সিজেন পাত্ৰ, ভেণ্টিলেটৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰীও অন্তৰ্ভুক্ত থাকিব বুলি আশা কৰা হৈছে ।

France flight
ফ্ৰান্সৰ বিমান

ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে কয় যে এই অক্সিজেন প্লাণ্টসমূহে দহ বছৰতকৈও অধিক সময় আঠখনকৈ চিকিৎসালয়ক অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ'ব । যোৱা মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ভাৰতক সহায় কৰিবলৈ আহ্বান জনোৱাৰ পাচতে দেওবাৰে পুৱা ভাৰতৰ ভূমিত উপস্থিত হয় ফ্ৰান্সৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বিমানখন । ইফালে, শনিবাৰে জাৰ্মানীয়েও ভাৰতলৈ ১২০ টা ভেণ্টিলেটৰ লৈ ভাৰতৰ ভূমিত উপস্থিত হয় । ৰাছিয়াৰ পৰাও মুঠ ২০ টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ৭৫ টা ভেণ্টিলেটৰ, ১৫০ টা বেডচাইড মনিটৰ আৰু মুঠ ২২ মেট্ৰিকটন ঔষধ কঢ়িয়াই দুখনকৈ বিমান বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হয় ।

France to send 28 tonnes of medical supplies to India
চিকিৎসা সাহাৰ্য লৈ ভাৰতত উপস্থিত ফ্ৰান্সৰ বিমান

সূত্ৰ অনুসৰি, জাৰ্মানীয়ে অহা সপ্তাহত ম’বাইল অক্সিজেন উৎপাদন আৰু ফিলিং প্ৰকল্প প্ৰেৰণ কৰিবলৈ সাজু হৈছে । ১৩ গৰাকী জাৰ্মান কাৰিকৰী কৰ্মচাৰীয়ে এই সঁজুলিসমূহ স্থাপন কৰিবলৈ আৰু প্ৰশিক্ষণৰ বাবে ভাৰতলৈ আহিছে । জাৰ্মানীয়ে ৰেমডেচিবিৰ আৰু অন্যান্য ঔষধৰ সামগ্ৰীও প্ৰেৰণ কৰিছে বুলি তেওঁলোকে কয় । ইয়াৰোপৰি ব্যক্তিগত জাৰ্মান কোম্পানীৰ পৰাও চিকিৎসা সামগ্ৰী ক্ৰয় কৰা হয় বুলি জানিবলৈ দিয়ে ।

উদাহৰণস্বৰূপে,জাৰ্মান কোম্পানী টাটা লিণ্ডেৰ পৰা ২৪ টা অক্সিজেন পৰিবহণ টেংক ক্ৰয় কৰা হয় । লগতে অইল ইণ্ডিয়া কৰ্প’ৰেচন লিমিটেডে জাৰ্মান কোম্পানী আলবাট্ৰছৰ পৰা চাৰিটা অক্সিজেন টেংক ক্ৰয় কৰিছে ।

কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হোৱাত ভাৰতৰ এই সংকটকালত সহায়ৰ বাবে বিশ্বৰ কেইবাখনো দেশ আগবাঢ়ি আহিছে । শনিবাৰে ৰাছিয়াই স্পুটনিক ভি ক'ভিড-১৯ প্ৰতিষেধকৰ ১,৫০,০০০ পালিৰ প্ৰথম অংশ ভাৰতক প্ৰদান কৰে । ভাৰতক সহায় আগবঢ়োৱাৰ বাবে ঘোষণা কৰা আগশাৰীৰ দেশবোৰৰ ভিতৰত আছে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, বেলজিয়াম, ৰোমানিয়া, লাক্সেমবাৰ্গ, ছিংগাপুৰ, পৰ্তুগাল, চুইডেন, নিউজিলেণ্ড, কুৱেইট আৰু মৰিচাছ । ইয়াৰে অধিকংশকে ইতিমধ্যে ভাৰতলৈ চিকিৎসা সামগ্ৰী যোগান ধৰিছে ।

লগতে পঢ়ক: 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সাম্ভাব্য ফলাফল...

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.