ETV Bharat / bharat

COVID-১৯ঃ ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ২০,০০০জনতকৈ হ্ৰাস - কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ

কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো ভাৰতত চলিত মাহত তৃতীয়বাৰৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা ২০,০০০ জনতকৈ হ্ৰাস । ২৯ ডিচেম্বৰলৈকে ভাৰতত COVID-১৯ত আক্ৰান্ত হৈছে মুঠ ১,০২,২৪,৩০৩ জন লোক । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, আজি পৰ্যন্ত মুঠ ১৬,৯৮,০১,৭৪৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০২,২৪,৩০৩ জন

author img

By

Published : Dec 29, 2020, 4:20 PM IST

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈকে মুঠ ১,০২,২৪,৩০৩ জন লোক মহামাৰীৰ কবলত পৰিছে । চলিত মাহত তৃতীয়বাৰৰ বাবে দৈনিক COVID-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা ২০,০০০ জনতকৈ হ্ৰাস পাইছে । আনহাতে, আৰোগ্য হোৱা লোকৰ সংখ্যাই ৯৮ লাখৰ ঘৰ অতিক্ৰম কৰিছে ।

বিগত ২৪ ঘণ্টাত নতুনকৈ ১৬,৪৩২ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । লগতে ২৫২ গৰাকী নতুনকৈ মৃত্যু হোৱা ৰোগীসহ এতিয়ালৈকে ১,৪৮,১৫৩ জনে প্ৰাণ হেৰুৱাইছে । ইফালে, সুস্থ হৈ উঠিছে ৯৮,০৭,৫৬৯ জন লোক । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৫.৯২ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৫ শতাংশ । COVID-১৯ৰ সক্ৰিয় ঘটনা ধাৰবাহিকভাৱে অষ্টম দিনাও ৩ লাখতকৈ হ্ৰাস পায় ।

বৰ্তমান দেশত ২,৬৮,৫৮১টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । লক্ষণীয়ভাৱে, কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখৰ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৮ ডিচেম্বৰলৈকে ১৬,৯৮,০১,৭৪৯টা নুমনাৰ পৰীক্ষণ সম্পন্ন হৈছে আৰু সোমবাৰে ৯,৮৩,৬৯৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.