ETV Bharat / bharat

COVID-১৯ : ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ ২২,২৭৩ জন আক্ৰান্ত

author img

By

Published : Dec 26, 2020, 12:35 PM IST

শনিবাৰলৈকে ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ মুঠ সংখ্যা ১,০১,৬৯,১১৮ জন । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, ২৫ ডিচেম্বৰত ৮,৫৩,৫২৭টা নমুনা পৰীক্ষা কৰা হৈছে।

COVID-১৯ঃ ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ ২২,২৭৩ জন আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: অতিমাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে দেশৰ ভিন্ন প্ৰান্তত । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৬ মাহৰো অধিক সময়ৰ পিছত ভাৰতত কৰ'ণা আক্ৰান্তৰ দৈনিক মৃত্যুৰ সংখ্যা ৩০০ জনতকৈ হ্ৰাস পাইছে । এতিয়ালৈকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে মুঠ ১,৪৭,৩৪৩ জন লোকে । মাত্ৰ এটা দিনত ভাৰতত নতুনকৈ ২২,২৭৩ জন লোক মহামাৰীৰ কবলত পৰিছে ।

নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ১,০১,৬৯,১১৮ গৰাকী লোক COVID-১৯ত আক্ৰান্ত হৈছে । আনহাতে, শনিবাৰে ৮ বজাত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, দেশত ২৪ ঘণ্টাৰ ভিতৰত ২৫১ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু হৈছে । বৰ্তমানলৈকে ৯৭,৪০,১০৮ গৰাকী লোক সুস্থ হৈ উঠিছে । এই পৰিসংখ্যাই ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৫.৭৮ শতাংশলৈ বৃদ্ধি কৰিছে ।

ধাৰাবাহিকভাৱে পঞ্চম দিনৰ দিনা সক্ৰিয় ঘটনা ৩ লাখতকৈ কম হয় । বৰ্তমান দেশত COVID-১৯ৰ ২,৮১,৬৬৭টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । লক্ষণীয়ভাৱে, কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, শুক্ৰবাৰে পৰীক্ষা কৰা ৮,৫৩,৫২৭টা নমুনাসহ যোৱা ২৫ ডিচেম্বৰলৈকে মুঠ ১৬,৭১,৫৯,২৮৯টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।

লগতে পঢ়ক:কৃষক নহয়,কৃষি অধিগ্ৰহণকাৰীয়েহে ভূমি হেৰুৱাব:জীতেন্দ্ৰ সিঙ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.