নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুজৰাটতো কৰ'ণাই ভয়ানক ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বুধবাৰে এটি কেঁচুৱাৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে । চুৰাটৰ নতুন অসামৰিক চিকিৎসালয়ত কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু হয় ১৪ দিন পূৰ্বে জন্ম হোৱা এটি কেঁচুৱাৰ । নৱজাতকৰ মৃত্যুৰ পিছতে তাপীৰ উচ্ছল গাঁৱৰ শিশুটিৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
চিকিৎসকৰ মতে জন্মৰ তিনিদিন পিছতে কেঁচুৱাটোৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছিল । ইয়াৰ পিছত,পৰিয়ালে চুৰাটৰ নতুন অসামৰিক চিকিৎসালয়লৈ গৈছিল । তাত চিকিৎসকে পৰীক্ষা কৰি শিশুটো বৃক্কৰ ৰোগত আক্ৰান্ত বুলি স্পষ্ট কৰিছিল ।
কেঁচুৱাটোক চিকিৎসালয়ত কৰ'ণা চিকিৎসাৰ বাবে ৰখা হৈছিল কিন্তু ১১ দিনৰ পিছত কেঁচুৱাটোৰ মৃত্যু হয় । চিকিৎসকে জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ পিছত কেঁচুৱাটোৰ মৃতদেহ পিতৃ-মাতৃক হস্তান্তৰ কৰা হৈছে । হাস্পতালখনৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ বিজয় শ্বাহে কয় যে চিকিৎসালয়লৈ অহাৰ সময়ত কেঁচুৱাটোৰ ওজন ২.৮ কিলোগ্ৰাম আছিল । তেওঁ জ্বৰ, বৃক্কৰ ৰোগ আৰু লগতে কৰ'ণাত আক্ৰান্ত আছিল । ইফালে সন্দেহ কৰা মতে চেপ্টিচেমিয়া তেওঁৰ মৃত্যুৰ কাৰণ হ'ব পাৰে । খবৰ অনুসৰি গুজৰাটত প্ৰতিদিনে ক'ভিড-১৯ ৰ নতুন ঘটনাই অভিলেখ ৭ হাজাৰৰ সীমা অতিক্ৰম কৰিছে ।
লগতে পঢ়ক: নেলাং উপত্যকাত উপস্থিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী