ETV Bharat / bharat

COVID-১৯: ভাৰতত ৯৩,০৯,৭৮৭ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

শুক্ৰবাৰলৈকে ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৯৩ লাখৰ ঘৰ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে যোৱা ২৬ নৱেম্বৰলৈকে দেশত ১৩,৭০,৬২,৭৪৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

author img

By

Published : Nov 27, 2020, 5:32 PM IST

ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৯৩ লাখৰ ঘৰ

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: অতিমাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে দেশৰ ভিন্ন প্ৰান্তত । মাত্ৰ এটা দিনত ভাৰতত ৪৩,০৮২ জন লোক COVID-১৯ত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ৯৩,০৯,৭৮৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । সমান্তৰলাকৈ চিকিৎসকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিছে ৮৭,১৮৫১৭ গৰাকী লোক । এই পৰিসংখ্যাই ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ শুক্ৰবাৰে ৯৩.৬৪ শতাংশলৈ বৃদ্ধি কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ।

আনহাতে, শুক্ৰবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, ২৪ ঘণ্টাত ৪৯২ জন ৰোগীৰ মৃত্যু হৈছে আৰু বৰ্তমানলৈকে দেশত ১,৩৭,৭১৫ জনে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে। মৃত্যুৰ হাৰ হৈছেগৈ ১.৪৫ শতাংশ । মহামাৰী সংক্ৰমণৰ ৪,৫৫,৫৫৫টা ঘটনা বৰ্তমান সক্ৰিয় হৈ আছে আৰু মুঠ সংক্ৰমণৰ হাৰ ৪.৮৯ শতাংশ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, ২৬ নৱেম্বৰত পৰীক্ষা কৰা ১১,৩১,২০৪টা নমুনাসহ এতিয়ালৈকে দেশত ১৩,৭০,৬২,৭৪৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

মহামাৰীত আক্ৰান্ত হৈ নতুনকৈ মৃত্যু হোৱা ৪৯২ জন লোকৰ ভিতৰত আছে দিল্লীৰ ৯১ জন, মহাৰাষ্ট্ৰৰ ৬৫ জন, পশ্চিমবংগৰ ৫২ জন, উত্তৰ প্ৰদেশৰ ৩০ জন, কেৰালাৰ ২৭ জন, পঞ্জাৱৰ ২৬ জন, হাৰিয়ানাৰ ২৫ জন, ছট্টিশগড়ৰ ১৮ জন আৰু কৰ্ণাটকৰ ১২ জন ৰোগী । COVID-১৯ত আক্ৰান্তৰ সংখ্যা যোৱা ৭ আগষ্টত আছিল ২০ লাখ, ১৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১১ অক্টোবৰত ৭০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখ । এতিয়ালৈকে দেশত মৃত্যু হোৱা মুঠ ১,৩৭,৭১৫ জন লোকৰ ভিতৰত আটাইতকৈ বেছি অৰ্থাৎ ৪৬,৮১৩ জনৰ মৃত্যু হৈ মহাৰাষ্ট্ৰত ।

লগতে পঢ়ক:ভাৰত-নেপালৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকলৈ নেপালৰ বৈদেশিক মন্ত্ৰীৰ ইতিবাচক সহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.