ETV Bharat / bharat

মিৰাটৰ কাৰাগাৰৰ পৰা পেৰলত মুকলি কৰা হ'ব প্ৰায় ২৮০ গৰাকী কয়দীক

author img

By

Published : May 6, 2021, 12:55 PM IST

উত্তৰ প্ৰদেশত কৰ'ণাৰ বৰ্ধিত ঘটনাৰ বাবে মিৰাটৰ জিলা কাৰাগাৰৰ পৰা প্ৰায় ২৮০ গৰাকী কাৰাগাৰৰ কয়দীক পেৰলত মুকলি কৰা হ'ব।

280 prisoners in Meerut
মিৰাটৰ কাৰাগাৰৰ পৰা পেৰলত মুকলি কৰা হ'ব প্ৰায় ২৮০ গৰাকী কয়দীক

নেশ্যনেল ডেস্ক, ৬ মে': কৰ'ণা সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা । মিৰাটৰ কাৰাগাৰত বন্দী কয়দীক পেৰলত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে । এই সিদ্ধান্ত অনুসৰি জিলা কাৰাগাৰৰ জ্যেষ্ঠ অধীক্ষক বিডি পাণ্ডেই বুধবাৰে জনোৱা মতে ৰাজ্যখনৰ মিৰাটৰ কাৰাগাৰত থকা প্ৰায় ২৮০ গৰাকী কয়দীক পেৰলত মুকলি কৰি দিয়া হ'ব ।

তেওঁ লগতে কয় যে, কাৰাগাৰ চৌহদ নিয়মীয়াকৈ চেনিটাইজেচন কৰা হৈছে আৰু ৪৫ ৰ পৰা ৬০ বছৰৰ উৰ্দ্ধৰ কয়দীক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰোপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কয়দী সকলক বিশেষ কাঢ়া খাবলৈ দিয়া হৈছে ।

ইফালে উত্তৰ প্ৰদেশ হৈছে কৰ'ণাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যবোৰৰ ভিতৰত অন্যতম । বুধবাৰে ৩১,১৬৫ টা নতুন ক'ভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে । এতিয়াও ৰাজ্যখনত সক্ৰিয় ঘটনা আছে ২,৬২,৪৭৪ টা ।

লগতে পঢ়ক:পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশক দক্ষিণ ত্ৰিপুৰালৈ বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.