ETV Bharat / bharat

মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন মৰ্মে লিকুইড অক্সিজেন পৰিবহন কৰিব ৰে'লৱেয়ে

author img

By

Published : Apr 17, 2021, 11:16 AM IST

কৰ’ণা ভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰৰ স্বাস্থ্য সচিবে ৰে’লৱে বিভাগত ক্ৰিয়জেনিক টোংকাৰত লিকুইড মেডিকেল অক্সিজেন পৰিবহনৰ বাবে অনুৰোধ কৰিছিল ৷ আবেদন অনুসৰি ৰে'লৱে বিভাগে শুকুৰবাৰে ক্ৰিয়জেনিক টেংকাৰত লিকুইড মেডিকেল অক্সিজেন পৰিবহনৰ বাবে এক নীতি প্ৰস্তুত কৰে ।

মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদনত, ৰে'লৱেয়ে লিকুইড মেডিকেল অক্সিজেন পৰিবহনৰ নীতি বিকশিত কৰে

নেচনেল ডেস্ক, 17 এপ্ৰিল : দেশত মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ জানিব পৰা মতে কৰ’ণা ভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰৰ স্বাস্থ্য সচিবে ৰে’লৱে বিভাগত ক্ৰিয়জেনিক টোংকাৰত লিকুইড মেডিকেল অক্সিজেন পৰিবহনৰ বাবে অনুৰোধ কৰিছিল ৷ সেই আবেদন অনুসৰি ৰে'লৱে বিভাগে শুকুৰবাৰে ক্ৰিয়জেনিক টেংকাৰত লিকুইড মেডিকেল অক্সিজেন পৰিবহনৰ বাবে এক নীতি প্ৰস্তুত কৰে ।

শুকুৰবাৰে নিশা ৰাজহুৱা কৰা এই নীতিত ক্ৰিয়জেনিক টেংকাৰবোৰ ৰাজ্যৰ বিভিন্ন গন্তব্যস্থানলৈ (ৰো-ৰো) সেৱাৰ পেইড-ফৰ ৰোল অন-ৰোল হিচাপে পৰিবহন কৰা হ'ব বুলি কোৱা হয় । নিৰ্দেশনা পত্ৰত মহাৰাষ্ট্ৰৰ স্বাস্থ্য সচিবে আবেদন কৰে বুলি কয় ৷ লগতে এই সেৱাত লোড কৰিবলগা লিকুইড মেডিকেল অক্সিজেন ট্ৰাকৰ সৈতে থকা কৰ্মচাৰীসকলক যাত্ৰাৰ বাবে দ্বিতীয় শ্ৰেণীৰ টিকট আদায় কৰা হ'ব বুলি কোৱাৰ লগতে ট্ৰাকৰ সৈতে মাত্ৰ দুজন লোকক যাবলৈ অনুমতি দিয়া হ'ব বুলিও কোৱা হয় ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰ হৈছে কৰ’ণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্যবোৰৰ ভিতৰত এখন । সপ্তাহৰ আৰম্ভণিতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ৰাজ্যখনত অক্সিজেনৰ অভাৱ আছে আৰু সমস্যাটো সমাধান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থন বিচাৰিছে বুলি কয় ।

লগতে পঢ়ক: ত্ৰিপুৰা চৰকাৰে ক‘ভিড-19ৰ পৰীক্ষাৰ সুবিধা বৃদ্ধি কৰক : বাদল চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.