ETV Bharat / bharat

ক'ভিড-১৯: দিল্লীত যোৱা ২৪ ঘণ্টাত ৩৯৫ জনৰ মৃত্যু

author img

By

Published : Apr 30, 2021, 1:37 PM IST

দিল্লীত কৰ'ণাৰ কাল ৰূপ । মাত্ৰ এটা দিনতে মহামাৰীয়ে প্ৰাণ ল'লে ৩৯৫ জনৰ । সমগ্ৰ দেশৰ ভিতৰতে বৃহস্পতিবাৰে মহামাৰীত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক হয় দিল্লীত ।

On Thursday, 395 patients died in Delhi
দিল্লীত মাত্ৰ এটা দিনতে মহামাৰীয়ে প্ৰাণ ল'লে ৩৯৫ জনৰ

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: মহামাৰীৰ সংকটৰ সময়ত অক্সিজেন আৰু বিচনাৰ অভাৱে দিল্লীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতি দিনে বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা । বৃহস্পতিবাৰে দেশৰ ভিতৰতে দিল্লীত আটাইতকৈ বেছি লোকৰ মৃত্যু হয় ।

দিল্লীত যোৱা ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ৩৯৫ গৰাকী লোকে । মাত্ৰ এটা দিনত ৰাজধানী চহৰখনত ২৪,২৩৫ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । বিগত ২৪ ঘণ্টাত ৭৩,৮৫১ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰ ভিতৰত ৩২.৮২ শতাংশ লোকেই মহামাৰীত আক্ৰান্ত হোৱাৰ কথা প্ৰমাণিত হৈছে ।

বুধবাৰে দিল্লীত ২৫,৬১৫ গৰাকী ৰোগী আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে, দিল্লীত কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মুঠ ১৫,৭৭২ জন লোকৰ মৃত্যু হৈছে । বৰ্তমান ৯৭,৯৭৭ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে দিল্লীত । লকডাউন জাৰি কৰাৰ পিছতো দিল্লীত অব্যাহত আছে মহামাৰীৰ বিভীষিকা । অক্সিজেনৰ অভাৱত মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে কৰ'ণা ৰোগীয়ে ।

লগতে পঢ়ক:তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰেপিড এণ্টিজেন-আৰটি-পিচিআৰ পৰীক্ষাত মিশ্ৰিত ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.