ETV Bharat / bharat

মুম্বাইত ৰেমডেচিভিৰ বেজীৰ ২৮০টা ভাইলসহ দুজনক গ্ৰেপ্তাৰ - আৰক্ষীৰ অপৰাধ শাখা

COVID-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ এক মুখ্য ঔষধ ৰেমডেচিভিৰ বেজীৰ ২৮০টা ভাইল জব্দ কৰিলে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই । ৰেমডেচিভিৰ বেজীৰ ভাইলসহ দুজন লোককো আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে ।

মুম্বাইত ৰেমডেচিভিৰ বেজীৰ ২৮০টা ভাইলসহ দুজনক আটক

author img

By

Published : Apr 10, 2021, 7:53 PM IST

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: সমগ্ৰ দেশতে বিশেষকৈ মহাৰাষ্ট্ৰত মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে এইবাৰ COVID-১৯ মহামাৰীৰ চিকিৎসাত ব্যৱহৃত ঔষধক লৈও ক'লা বেহা আৰম্ভ কৰিছে একাংশই । মুম্বাইৰ অন্ধেৰীৰ পৰা ৰেমডেচিভিৰ বেজীৰ ২৮০টা ভাইল জব্দ কৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই । লগতে দুজন লোককো গ্ৰেপ্তাৰ কৰে ।

শুক্ৰবাৰে আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰিছিল ছৰফৰাজ হুছেইন নামৰ এজন লোক । এই লোকজনৰ পৰা আৰক্ষীয়ে ৰেমডেচিভিৰ বেজীৰ ১২টা ভাইল জব্দ কৰে । ছৰফৰাজক জেৰা কৰাৰ পিছতে এই অবৈধ ব্যৱসায়ৰ বহু তথ্য পোহৰলৈ আহে ।

ছৰফৰাজৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে এখন ঔষধৰ ফাৰ্মৰ গুদামত অভিযান চলায় আৰু ১৩.০৫ লাখ টকাৰ আন ২৭২টা নকল ভাইল জব্দ কৰে । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা ছৰফৰাজে কৈছিল যে উক্ত ঔষধ ফাৰ্মৰ স্বত্বাধিকাৰীয়ে ছৰফৰাজৰ লগত থকা ভাইলকেইটা ৮,০০০ টকাকৈ বজাৰত বিক্ৰী কৰিবলৈ দিছিল ।

আৰক্ষীয়ে নকল ভাইল জব্দ কৰাৰ পিছতে জাভেদ ৰহমান আখটাৰ নামৰ ঔষধ ফাৰ্মৰ স্বত্বাধিকাৰীগৰাকীকো গ্ৰেপ্তাৰ কৰা কৰে । ঔষধৰ মূল্য নিয়ন্ত্ৰণ নিৰ্দেশ, অত্যাৱশ্যকীয় সামগ্ৰী আইন আৰু ঔষধ আৰু প্ৰসাধন আইনৰ প্ৰাসংগিক ব্যৱস্থাৰ অধীনত দুয়োৰে বিৰুদ্ধে অন্ধেৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।

মহাৰাষ্ট্ৰত COVID-১৯ মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰেমডেচিভিৰ বেজীৰ চাহিদা বৃদ্ধি পাইছে । বৃহস্পতিবাৰে, মহাৰাষ্ট্ৰ চৰকাৰে ৰেমডেচিভিৰ প্ৰতি ভাইলৰ মূল্য ১,১০০-১,৪০০ টকা নিৰ্ধাৰণ কৰে ।

লগতে পঢ়ক:জানাজাৰ পূৰ্বেই মৃত মহিলাৰ বাসগৃহ জ্বলালে স্বামীৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.