ETV Bharat / bharat

ষষ্ঠবাৰৰ বাবে নাকচ দিল্লী হিংসাৰ অভিযুক্ত মোঃ আনছাৰৰ জামিন আবেদন - UPA

একেৰাহে ষষ্ঠবাৰৰ বাবে নাকচ হ’ল দিল্লী হিংসাৰ অভিযুক্ত মুহাম্মদ আনছাৰৰ জামিন আবেদন ৷ আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা এটা স্বয়ংক্ৰিয় বন্দুক আৰু সজীৱ বোমা জব্দ কৰিছে আৰু সেয়েহে তেওঁক মুকলি কৰিব নোৱাৰি বুলি উল্লেখ কাৰকাৰডুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিনোদ যাদৱৰ ৷

Court rejects bail plea of Delhi violence accused for the sixth time
ষষ্ঠবাৰৰ বাবে নাকচ দিল্লী হিংসাৰ অভিযুক্ত মোঃ আনছাৰৰ জামিন আবেদন
author img

By

Published : Jun 19, 2021, 10:20 PM IST

নেচনেল ডেস্ক, 19 জুন : দিল্লীৰ এখন আদালতে ২০২০ চনৰ দিল্লীৰ হিংসাৰ গোচৰত অভিযুক্ত হৈ বিচাৰৰ সন্মুখীন হৈ থকা মুহাম্মদ আনছাৰৰ জামিন আবেদন শনিবাৰে একেৰাহে ষষ্ঠবাৰৰ বাবে নাকচ কৰিছে । জামিনৰ আবেদন নাকচ কৰাৰ সময়ত কাৰকাৰডুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিনোদ যাদৱে উল্লেখ কৰে যে, আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা এটা স্বয়ংক্ৰিয় বন্দুক আৰু সজীৱ বোমা জব্দ কৰিছে আৰু সেয়েহে তেওঁক মুকলি কৰিব নোৱাৰি ।

মোঃ আনছাৰক প্ৰতিনিধিত্ব কৰা নাছিৰ আলীয়ে কয় যে, দিল্লী উচ্চ ন্যায়ালয়ে আনছাৰৰ দৰে একে অভিযোগৰ সন্মুখীন হৈ থকা ১৩ জন লোকক মুকলি কৰি দিছে । অৱশ্যে আদালতে উল্লেখ কৰে যে, আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা এটা স্বয়ংক্ৰিয় বন্দুক আৰু সজীৱ বোমা উদ্ধাৰ কৰিছে আৰু এনেদৰে জামিন লাভ কৰা লোকসকলৰ তুলনাত আনছাৰৰ ক্ষেত্ৰত বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

"এনে কিছুমান চিচিটিভি ফুটেজ(CCTV FOOTAGE) আছে যিয়ে হিংসাত মোঃ আনছাৰ জড়িত থকাৰ কথা প্ৰমাণ কৰে । লগতে অভিযুক্তজনক ডিআৰপি বিদ্যালয়ৰ নিৰাপত্তাৰক্ষীয়ে চিনাক্ত কৰিছিল" আদালতে কয় ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে দিল্লীৰ কাৰকাৰডুমা আদালতে দিল্লী হিংসাৰ উত্তৰ-পূৱৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UPA) গোচৰৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে জামিন দিয়া 'পিঞ্জৰা টোড় কৰ্মী' নাতাশা নাৰৱাল, দেৱাংগনা কলিতা আৰু জামিয়াৰ ছাত্ৰ আচিফ ইকবাল তানহাক মুকলি কৰাৰ নিৰ্দেশ দিয়ে ।

উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ৭৫০ ৰো অধিক গোচৰ ৰুজু কৰা হৈছিল ৷ উক্ত হিংসাত্মক ঘটনাত কমেও ৫৩ জন লোক নিহত হৈছিল আৰু কেইবাজনো লোক আহত হৈছিল । এতিয়ালৈকে হিংসা সম্পৰ্কীয় গোচৰত 250 ৰো অধিক চাৰ্জশ্বীট দাখিল কৰা হৈছে ৷

লগতে পঢ়ক : কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণ : কাৰ্যভাৰ গ্ৰহণ কৰা মন্ত্ৰীৰ নাম কৰ্তনৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.