নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: অচিৰেই ভাৰতৰ প্ৰথমটো শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৱে ষ্টেচন মুকলি হ'ব বেংগালুৰুত । শনিবাৰে এই কথা ঘোষণা কৰে ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে । মুখ্য অসামৰিক অভিযন্তা ভাৰতৰত্ন এম বিশ্বশ্বৈৰায়ৰ নামেৰে নামকৰণ কৰা হৈছে উক্ত ৰে’ল ষ্টেচনটো । দেশৰ প্ৰথম বেংগালুৰুত কেন্দ্ৰীয়কৰণ কৰা শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৱে টাৰ্মিনেল অচিৰেই মুকলিৰ পথত এইদৰে টুইট কৰি জনায় মন্ত্ৰী পীযুষ গোৱেলে । এই সন্দৰ্ভত এগৰাকী ৰে’লৱে বিষয়াই জনায় যে, টাৰ্মিনেলটো চহৰখনৰ বাইয়াপ্পানাহাল্লি অঞ্চলত স্থাপন কৰা হয় । ২০১৫-১৬ চনত অনুমোদিত তৃতীয় প্ৰশিক্ষক টাৰ্মিনেল বাইয়াপ্পানাহাল্লি । ইয়াক ভাৰত ৰত্ন এম বিশ্বশ্বৈৰায়ৰ নামেৰে নামকৰণ কৰা হৈছে যি এগৰাকী সফল, উৎকৃষ্ট অভিযন্তা আছিল । ইয়াৰোপৰি, কেতবোৰ নিৰ্মাণত যথেষ্ঠ অৰিহণা যোগাইছিল ।
প্ৰায় ৩১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৰে’লৱে টাৰ্মিনেলটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে খোলাৰ কথা আছিল যদিও কেতবোৰ কাৰণৰ বাবে টাৰ্মিনেলটো বৰ্তমানেও খোলাৰ পৰা বিৰত আছে বুলি জনাইছে এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়াই । ৪,২০০ বৰ্গমিটাৰ অঞ্চলজুৰি নিৰ্মাণ কৰা ষ্টেচনটোত প্ৰতিদিনে ৫০,০০০ লৈকে যাত্ৰীয়ে আহ-যাহ অৰ্থাৎ পৰিচালনা কৰিব পাৰিব । লগতে টাৰ্মিনেলত সাতটা প্লেটফ’ৰ্ম, আঠটা ষ্টাবলিং লাইন আৰু তিনিটা পিটলাইন থাকিব, যাৰ জৰিয়তে টাৰ্মিনেলটোৱে দৈনিক ৫০ খন ৰে’ল চলাচল কৰিব পাৰিব । ইয়াৰোপৰি, ২৫০ আৰু ৯০০ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ক্ষমতাৰে পাৰ্কিঙৰ ব্যৱস্থা আছে । তাৰোপৰি, অত্যাধুনিক জিৰণি গৃহ আৰু সংৰক্ষিত (ভিআইপি) লাউঞ্জ, ফুড ক’ৰ্ট, এস্কেলেটৰ, সকলো প্লেটফৰ্ম সংযোগী লিফট আছে । যাত্ৰীসকলৰ সুবিধাৰ বাবে সকলো প্লেটফ’ৰ্মৰ লগতে উৰণীয়া পদপথো (ফুট-অভাৰ ব্ৰীজ) আছে ।
এই টাৰ্মিনেলটো বেংগালুৰুৰ পৰা মুম্বাই, চেন্নাইৰ দৰে আন আন মেট্ৰ'লৈ লগতে কৰ্ণাটকৰ ভিতৰুৱা অঞ্চলসমূহলৈ দীৰ্ঘতম দূৰত্বৰে সেৱা আগবঢ়াব । এই নতুন ষ্টেচনটোৱে বেংগালুৰুৰ মুখ্য ষ্টেচন আৰু যশৱন্তপুৰৰ ষ্টেচনটোত গণ সমাৱেশ ৰোধ কৰাত সহায় কৰিব । যাত্ৰীসকলৰ বাবে এক মনোৰম অভিজ্ঞতাসম্পন্ন যাত্ৰাৰ বাবে অপৰিহাৰ্য সুবিধা প্ৰদান কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জনায় । বিমানবন্দৰ সদৃশ সকলো সুবিধা উপলব্ধ হ'ব এই ষ্টেচনটোত ।
লগতে পঢ়ক: বিজেপি সাংসদৰ বোৱাৰীৰ আত্মহত্যাৰ চেষ্টা