নিউজ ডেস্ক 6 নৱেম্বৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ 2020 চনৰ প্ৰথমটো ৰ'কেট অভিযান পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল-চি 49(PSLV-C49) ৰ উৎক্ষেপণৰ কাউন্ট ডাউন ইতিমধ্য আৰম্ভ হৈছে ৷ ই'ছোৰ এজন জেষ্ঠ বিষয়াই জনোৱা অনুসৰি ৰাডাৰ ইনেজিং উপগ্ৰহৰ লগতে 9 টা বিদেশী উপগ্ৰহ কঢ়িয়াই হৈ যাব এই ৰ'কেটোৱে৷ শ্ৰীহৰিকোটা ৰ'কেট পৰ্ট পৰা 7 নৱেম্বৰৰ আৱেলি 3 বজাত উৎক্ষেপণ কৰা হ'ব বুলি জানিবলৈ দিছে বিষয়াজনে ৷
ইফালে,পিএছএলভি চি-49 ৰ প্ৰাথনিক যাত্ৰী 44.5 মিটাৰৰ ভাৰতীয় ৰাডাৰ ইমেজিং উপগ্ৰহে (EOS-01) ভাৰতবৰ্ষক যোগান ধৰিব বতৰৰ সকলো পৰিস্থিতিৰ খবৰ ৷ উল্লেখ্য যে,বিশেষভাৱে কাৰ্যক্ষম এই উপগ্ৰহটোৱে দিনে-নিশাই স্পষ্টভাৱে বতৰৰ ছবি লোৱা আৰু নিৰীক্ষণ কৰাৰ লগতে অসামৰিক কাৰ্যকলাপত সহায় কৰিব ৷
লগতে পঢ়ক : মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIMৰ প্ৰতিবাদ