ETV Bharat / bharat

পতঞ্জলিৰ 'কৰ'নিলে' লাভ কৰিলে চৰকাৰী অনুমোদন - আয়ুষ মন্ত্ৰালয়ে

ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত নতুন দিল্লীত এক অনুষ্ঠানত ক'ভিডৰ সৈতে যুঁজিবলৈ পতঞ্জলিৰ 'কৰ'নিল' নামৰ এটা চিকিৎসা কিট মুকলি কৰা হৈছিল । অৱশেষ এই 'কৰ'নিল' টেবলেটে লাভ কৰিলে চৰকাৰী অনুমোদন ।

পতঞ্জলিৰ 'কৰ'নিলে' লাভ কৰিলে চৰকাৰী অনুমোদন

author img

By

Published : Feb 19, 2021, 3:02 PM IST

নিউজ ডেস্ক,১৯ ফেব্ৰুৱাৰী: অৱশেষত চৰকাৰৰ অনুমোদন লাভ কৰিলে পতঞ্জলিৰ আয়ুৰ্বেদিক ঔষধ 'কৰ'নিলে' । হৰিদ্বাৰস্থিত পতঞ্জলি আয়ুৰ্বেদ প্ৰতিস্থানে শুকুৰবাৰে জনোৱা মতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰমাণ পত্ৰ আঁচনিৰ অধীনত আয়ুষ মন্ত্ৰালয়ৰ পৰা ঔষধটোৱে লাভ কৰিছে প্ৰমাণ পত্ৰ । কোম্পানীটোৱে দাবী কৰা মতে ক'ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ এই ঔষধটো প্ৰথম প্ৰমাণিত ঔষধ আছিল । পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত এক অনুষ্ঠানত ঔষধটো মুকলি কৰা হৈছিল ।

প্ৰতিস্থানটোৱে এক বিবৃতিযোগে জনাই যে 'কৰ'নিলে' ফাৰ্মাচিউটিকেল প্ৰডাক্টৰ প্ৰমাণপত্ৰ (চিওপিপি) লাভ কৰিছে । চিওপিপিৰ অধীনত এতিয়া কৰ'নিল ১৫৮ খন দেশলৈ ৰপ্তানি কৰিব পাৰি । সমগ্ৰ বিষয়টোৰ ওপৰত স্বামী ৰামদেৱে কয় যে নেচুৰোপেথিৰ সুলভ চিকিৎসাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি 'কৰ'নিলে' মানৱ জাতিক সহায় কৰিব । তথ্য অনুসৰি ক'ভিড-১৯ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষ মন্ত্ৰালয়ে 'কৰ'নিল' টেবলেটক ঔষধ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ।

পতঞ্জলিয়ে যোৱা বছৰ ২৩ জুনত কৰ'নিল ঔষধ মুকলি কৰিছিল । অৱশ্যে, ইয়াৰ বৈজ্ঞানিক প্ৰমাণৰ অভাৱ থকাৰ বাবে ই তীব্ৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল । তাৰ পিছত আয়ুষ মন্ত্ৰালয়ে ইয়াক কেৱল "ইমিউনো-বুষ্টাৰ" বুলি বিবেচনা কৰিছিল ।

লগতে পঢ়ক:ত্ৰিপুৰাত অঙ্গনবাড়ী কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

coronil news
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.