নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জৰ্জৰিত হৈ পৰিছে দেশ । দেশৰ ভিন্ন প্ৰান্তত কেতবোৰ মৰ্মান্তিক ছবি দেখিবলৈ পোৱা গৈছে । চিকিৎসালয়ত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱ আদি দৃশ্য দেখিবলৈ পোৱাৰ সময়তে এইবাৰ মহাৰাষ্ট্ৰত দেখা গৈছে এক মৰ্মান্তিক ছবি । কৰ'ণাত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ৩ বছৰীয়া পুত্ৰ সহিতে আত্মহত্যা এগৰাকী মহিলাৰ ।
এই ঘটনা মহাৰাষ্ট্ৰৰ নান্দে জিলাৰ লোহা চহৰৰ । স্বামীৰ মৃত্যুৰ এদিন পাচতে ৩ বছৰীয়া পুত্ৰ সহিতে পুখুৰীত জঁপিয়াই আত্মহত্যাৰ কৰে মহিলাগৰাকীয়ে । তিনি সন্তানৰ মাতৃগৰাকীয়ে এজনী কন্যা আৰু এজন পুত্ৰ এৰি থৈ যায় ইহ সংসাৰত ।
দেশত কৰ'ণাৰ কালৰূপ ধাৰণ কৰাৰ বাবে মহাৰাষ্ট্ৰত লক্ ডাউন জাৰি কৰাত দেখা দিয়া আৰ্থিক মন্দাৱস্থাৰ ফলত এই চৰম পদক্ষেপ গ্ৰহণ কৰে মহিলাগৰাকীয়ে । কোনোমতে পেট প্ৰৱৰ্তাই খোৱা পৰিয়ালটি জীৱিকাৰ সন্ধানত অন্ধ্ৰপ্ৰদেশৰ পৰা ৰাজ্যখনৰ লোহালৈ আহিছিল । মহিলাগৰাকীৰ স্বামী কৰ'ণাত আক্ৰান্ত হোৱাৰ তিনিদিন পাচতে মৃত্যু হয় । ঘটনা সন্দৰ্ভত লোহা আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক: মধ্য প্ৰদেশত যৌন নিৰ্যাতনৰ বলি দুই নাবালিকা