বিজয়ৱাড়া বিমানবন্দৰত কৰ'ণাৰ বাবে ব্যাহত বিমানসেৱা - বিজয়বাড়া বিমানবন্দৰত কৰ'ণাৰ বাবে ব্যাহত বিমানসেৱা
কৰ'ণাৰ শেহতীয়া পৰিস্থিতিৰ বাবে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া বিমান বন্দৰৰ বিমানসেৱাত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে । সীমিত যাত্ৰীৰ বাবে কেইবাখনো বিমানৰ চলাচল বাতিল কৰিবলগীয়া হৈছে ।
নেশ্যনেল ডেস্ক,২০ এপ্ৰিল: কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে ইতিমধ্যে দেশৰ ভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । বৰ্তমানৰ পৰিস্থিতিয়ে অন্ধ্ৰ প্ৰদেশৰ বিমান সেৱাত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে । বহু লোকে বিমানত ভ্ৰমণ কৰাৰ পৰা বিৰত আছে ৷ যাৰ বাবে ৰাজ্যখনৰ বিজয়ৱাড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাখনো বিমানৰ চলাচল বাতিল কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে । তাৰ মাজতে একাংশ বিমান চলি আছে, যদিও যাত্ৰীৰ সংখ্যা ৩০ শতাংশলৈ হ্ৰাস হৈছে ।
স্পাইচজেট আৰু ইণ্ডিগ’ৱে কিছুদিনৰ বাবে চেন্নাই আৰু হায়দৰাবাদলৈ বিমান সেৱা স্থগিত ৰাখিছে । ইণ্ডিগ’ৱে হায়দৰাবাদ-তিৰুপতি বিশেষ, হায়দৰাবাদ-বিজয়ৱাড়া-বিশাখাপত্তনম সংযোগী সেৱাৰ লগতে হায়দৰাবাদলৈ নিশা ৮.৪৫ বজাৰ আন এক বিমান সেৱা বাতিল কৰিছে ।