ETV Bharat / bharat

তিহাৰ কাৰাগাৰত বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্য়া - সামাজিক দূৰত্ব

বহুচৰ্চিত দিল্লীৰ তিহাৰ কাৰাগাৰৰ বন্দী আৰু কৰ্মচাৰীসকলৰ মাজত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি পাইছে ৷ 12 এপ্ৰিললৈকে 59 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷

তিহাৰ কাৰাগাৰত বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্য়া

author img

By

Published : Apr 13, 2021, 10:16 PM IST

নেছনেল ডেক্স,13 এপ্ৰিল: শেহতীয়াকৈ বহুচৰ্চিত দিল্লীৰ তিহাৰ কাৰাগাৰৰ বন্দী আৰু কৰ্মচাৰীসকলৰ মাজত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি পাইছে । 12 এপ্ৰিললৈকে 59 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ উল্লেখযোগ্য যে, এক সপ্তাহৰ ভিতৰতে কাৰাগাৰখনত তীব্ৰভাৱে বৃদ্ধি হৈছে আক্ৰান্ত লোকৰ সংখ্য়া ৷ তিহাৰ কাৰাগাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, মাৰ্চৰ শেষলৈকে একক অংকত আছিল আক্ৰান্তৰ সংখ্য়া ।

তিহাৰত কৰ্মৰত বিষয়াসকলে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, 5 এপ্ৰিললৈকে তিহাৰ কাৰাগাৰত মাত্ৰ 11 গৰাকী লোকহে আক্ৰান্ত হৈছিল কৰ’ণাত । অৱশ্যে 12 এপ্ৰিল পৰ্যন্ত কাৰাগাৰখনত 59 গৰাকী লোক সক্ৰিয়ভাৱে আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ ইয়াৰে ভিতৰত ছয়গৰাকী কাৰাগাৰৰ কৰ্মচাৰী আৰু এজন চিকিৎসক আছে ৷ কাৰাগাৰ প্ৰশাসনে বৰ্ধিত ক’ভিড-19 প্ৰতিৰোধ আৰু পৰিচালনাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বৰ্তমান তিহাৰত ইয়াৰ নিৰ্ধাৰিত ক্ষমতাতকৈ দুগুণ বন্দী আছে আৰু ইয়ে এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে কাৰাগাৰ প্ৰশাসনৰ । কাৰাগাৰখনে বন্দীসকলৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰি আছে আৰু বন্দী আৰু পৰিয়ালৰ মাজত হোৱা সাক্ষাৎ সদ্য়হতে স্থগিত ৰাখিছে ।

লগতে পঢ়ক: ভাৰত-পাক সীমান্তত পাকিস্তানী নাগৰিকক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.