নিউজ ডেস্ক, 11 এপ্ৰিল : কোচ বিহাৰলৈ যাব নোৱাৰাৰ বাবে দেওবাৰে পুৱা নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈছিল মমতা বন্দোপাধ্যায় ৷ এইবাৰ শিলিগুড়িত সংবাদমেলৰ আয়োজন কৰি পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আ্ৰক্ৰমণাত্মক হৈ উঠে মমতা ৷ মমতা বেনাৰ্জীয়ে কোচবিহাৰৰ ঘটনাক গণহত্যা আখ্যা দিয়ে ৷ তদুপৰি উক্ত ঘটনাৰ তথ্য লুকুৱাবলৈ 72 ঘণ্টা প্ৰৱেশত বাধা দি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কোচবিহাৰত তৃণমূলৰ কৰ্মীৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবাদত দেওবাৰে ক’লা দিন ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে ৷
উল্লেখ্য যে, শনিবাৰে ভোটদানৰ মাজতে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শীতলকুচিত গুলীবিদ্ধ হৈ মৃত্যু হৈছিল চাৰিজন লোকৰ ৷ এই ঘটনাৰ পাছতে 72 ঘণ্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নিৰ্বাচন আয়োগে ৷
লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰক : মমতা বেনাৰ্জী