ETV Bharat / bharat

Consumer Court orders to Uber: উবেৰৰ বিৰুদ্ধে কঠোৰ উপভোক্তা আদালত

উন্নত সেৱা প্ৰদানত ব্যৰ্থ হোৱাৰ বাবে উবেৰ ইণ্ডিয়াক দোষী সাব্যস্ত কৰিছে মুম্বাইৰ এখন উপভোক্তা আদালতে (Uber fails to provide better services)। লগতে অভিযোগকাৰীক ২০ হাজাৰ টকা দিবলৈ উবেৰ ইণ্ডিয়াক নিৰ্দেশ আদালতৰ । অভিযোগ অনুসৰি উবেৰৰ দুৰ্বল সেৱাৰ বাবে সময়মতে বিমান ধৰিব পৰা নাছিল এগৰাকী মহিলাই ।

Consumer Court orders to Uber
উবেৰৰ বিৰুদ্ধে কঠোৰ উপভোক্তা আদালত
author img

By

Published : Oct 26, 2022, 6:25 PM IST

নেশ্যনেল ডেস্ক,২৬ অক্টোবৰ : উবেৰ বা আন টেক্সি সেৱাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে । প্ৰকৃতাৰ্থত এই অভিযোগবোৰ উত্থাপন কৰা হয় যদিও তাৰ সমাধান উলিওৱাত ব্যৰ্থ হয় অনলাইন টেক্সি সেৱাৰ কোম্পানীবোৰ । কিন্তু এইবাৰ মুম্বাইৰ এখন উপভোক্তা আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

যাত্ৰীক উন্নত সেৱা প্ৰদানত ব্যৰ্থ হোৱাৰ বাবে উবেৰ ইণ্ডিয়াক দোষী সাব্যস্ত কৰিছে আদালতে (Uber India found guilty)। লগতে কেব সেৱাৰ দ্বাৰা প্ৰভাৱিত যাত্ৰীক ২০ হাজাৰ টকা পৰিশোধ কৰিবলৈও উবেৰ ইণ্ডিয়াক নিৰ্দেশ দিলে আদালতে (Fine imposed on Uber)। যাত্ৰীক মানসিক যন্ত্ৰণা দিয়াৰ বাবে ১০ হাজাৰ টকা আৰু মোকৰ্দমাৰ ব্যয় হিচাপে ১০ হাজাৰ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে আদালতে ।

উল্লেখ্য যে কবিতা শৰ্মা নামৰ এগৰাকী অধিবক্তাই ২০১৮ চনৰ ১২ জুন তাৰিখে চেন্নাইলৈ বিমানযোগে যাবলগীয়া আছিল । বিমানবন্দৰ তেওঁৰ বাসগৃহৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ দূৰৈত আছিল । সেয়েহে মহিলাগৰাকীয়ে ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উবেৰেৰে যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছিল আৰু এখন উবেৰ বুক কৰিছিল । বুকিং কৰাৰ পাছত, চালকজনে ১৪ মিনিটৰ পাছতহে তেওঁৰ বাসগৃহত উপস্থিত হৈছিল আৰু বহুবাৰ ফোন কৰাৰ পাছতহে মহিলাগৰাকীৰ ফোনৰ উত্তৰ দিছিল ।

অভিযোগকাৰীৰ মতে, আহি পোৱাৰ পাছতো, চালকজনে ফোনত কথা পতাত ব্যস্ত আছিল আৰু তেওঁৰ কথা পতা শেষ হোৱাৰ পাছতহে যাত্ৰা আৰম্ভ কৰিছিল । পলম হোৱা স্বত্বেও, চালকজনে উভতি গৈ গাড়ীখনৰ বাবে চিএনজি ক্ৰয় কৰিছিল । যাৰ বাবে মহিলাগৰাকীৰ ১৫ ৰ পৰা ২০ মিনিট পলম হৈছিল ।

তাৰ পাছত চালকজনে অভিযোগকাৰীক বিমানবন্দৰত থৈ আহিছিল, কিন্তু মহিলা যাত্ৰীগৰাকীয়ে বিমানখন সময়ত ধৰিব নোৱাৰিলে । ইফালে অভিযোগকাৰী মহিলাৰ উবেৰৰ বিল লৈছিল ৭০৩ টকা । আনহাতে বুকিঙৰ সময়ত আনুমানিক ভাড়া আছিল ৫৬৩ টকা ।

তেওঁ ঘটনাটোৰ বিষয়ে উবেৰৰ ওচৰত অভিযোগ দাখিল কৰিছিল । কোম্পানীটোৱে মাত্ৰ ১৩৯ টকা ঘূৰাই দিছিল । শৰ্মাই কোম্পানীটোলৈ আইনী জাননীও প্ৰেৰণ কৰিছিল কিন্তু তাৰ উত্তৰ দিয়া নাছিল । উবেৰৰ হৈ দাবী কৰা হৈছিল যে যদি উবেৰৰ টেক্সিৰ চালকে ভুল কৰে, চালকজনৰ ভুলৰ বাবে উবেৰক দায়ী কৰিব নোৱাৰে ।

অৱশ্যে, উপভোক্তা আদালতে তেওঁলোকক যাত্ৰীসকলক উন্নত সেৱা প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বাবে জৰিমনা বিহিছে কিয়নো তেওঁলোকে নিয়ম উলংঘা কৰিছে । ঘটনা সন্দৰ্ভত মুম্বাইৰ অধিবক্তা নীতিন সতপুতে কয় যে কোম্পানীটো দায়বদ্ধ কিয়নো পৰিশোধ কৰা ধন কোম্পানীলৈ যায়, চালকৰ হাতলৈ নহয় । মহিলাগৰাকীৰ পলম হৈছিল কাৰণ কোম্পানীটোৱে প্ৰতিশ্ৰুতি অনুসৰি সেৱা প্ৰদান কৰিব নোৱাৰিলে । চালকজন সময়মতে যোৱা নাছিল আৰু পৰিস্থিতিৰ তাৎক্ষণিকতা পালন কৰা নাছিল ।

লগতে পঢ়ক :Gold ETFs : ডিজিটেল সোণৰ বজাৰত প্ৰৱেশ কৰক আৰু লাভ উঠাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.