নিউজ ডেস্ক, ২ মে': কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত অব্যাহত আছে কংগ্ৰেছ-বিজেপিৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ (Karnataka election 2023) । কংগ্ৰেছে মঙলবাৰে কৰ্ণাটক নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ (Congress released manifesto for Karnataka polls) কৰাৰ কেইঘণ্টামানৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, কংগ্ৰেছৰ পূৰ্বতে 'ভগৱান ৰাম'ৰ সৈতে সমস্যা আছিল । এতিয়া দলটোৱে 'জয় বজৰংবলী' উচ্চাৰণ কৰাসকলক বন্দী কৰাৰ প্ৰতিশ্ৰুতি দিছে (Modis dig at Congress on Karnataka manifesto) ।
ইয়াৰ পূৰ্বে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰত বজৰং দলক সাম্প্ৰদায়িক শক্তি বুলি অভিহিত কৰি নিষিদ্ধ কৰাৰ দাবী জনোৱা হৈছিল (Congress manifesto demanded ban on Bajrang Dal) । "যিটো সময়ত মই ভগৱান হনুমানৰ পবিত্ৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছোঁ, কংগ্ৰেছে নিজৰ ইস্তাহাৰত বজৰংবলীক বন্দী কৰি ৰখাৰ সিদ্ধান্ত লৈছে । পূৰ্বতে তেওঁলোকে ভগৱান ৰামক বন্দী কৰি ৰাখিছিল । এইটো দুৰ্ভাগ্যজনক ।" কৰ্ণাটকৰ হোচপেটত এক নিৰ্বাচনী ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয় (PM Modi addressing rally in Karnataka) ।
উল্লেখ্য যে, কংগ্ৰেছে নিষিদ্ধঘোষিত ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক (Popular Front of India, PFI) সংঘ-অনুমোদিত বিশ্ব হিন্দু পৰিষদৰ যুৱ শাখা বজৰং দলৰ সৈতে তুলনা কৰি কয় যে, সেয়া সংখ্যাগৰিষ্ঠ বা সংখ্যালঘু যি সম্প্ৰদায়ৰ মাজতে নহওক কিয় শত্ৰুতা বা ঘৃণা প্ৰচাৰ কৰা এনে সংগঠনসমূহক নিষিদ্ধ কৰিব । কংগ্ৰেছৰ ইস্তাহাৰত এইদৰে লিখা আছিল : "আমি বিশ্বাস কৰোঁ যে, আইন আৰু সংবিধান পবিত্ৰ আৰু বজৰং দল, পিএফআই বা আন কোনো ব্যক্তি তথা সংগঠনে ইয়াক উলংঘা কৰিব নোৱাৰে আৰু শত্ৰুতা বা ঘৃণা বিয়পাব নোৱাৰে । সেয়া লাগিলে সংখ্যাগৰিষ্ঠ বা সংখ্যালঘু সম্প্ৰদায়ৰ মাজতে নহওক কিয় । আমি এনে যিকোনো সংগঠনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাকে ধৰি আইন অনুসৰি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিম ।"
উল্লেখ্য, মোডীয়ে বৰ্তমান কৰ্ণাটকত গেৰাণ্টিৰ বাকচ এটা লৈ বহি থকাৰ অভিযোগ তুলি কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ আৰম্ভ কৰিছে । "যিটো দলে সাধাৰণ মানুহৰ বিশ্বাস হেৰুৱাইছে তেওঁলোকে কেৱল গেৰাণ্টিৰ নামত মিছা কথা কৈহে থাকিব পাৰে । কংগ্ৰেছে দেশৰ পৰা দৰিদ্ৰতা আঁতৰ কৰাৰ নিশ্চয়তা দিছিল, কিন্তু সেইটো কৰিবলৈ ব্যৰ্থ হৈছিল । ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতাসকল কোটিপতি তথা আৰবপতি হৈ পৰিছিল ।" মোডীয়ে কয় (Modi slams congress in Karnataka) ।
মঙলবাৰে মোডীয়ে কৰ্ণাটকত চাৰিখন নিৰ্বাচনী সভা সম্বোধনৰ কাৰ্যসূচী লৈছে । আনহাতে, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়েও একেদিনাই মোডীৰ প্ৰচাৰৰ বিপৰীতে প্ৰচাৰ কাৰ্যত নামি পৰিছে । যাৰ বাবে এতিয়া দক্ষিণ ভাৰতৰ ৰাজ্যখনত বিজেপি আৰু ইয়াৰ প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত এক কঠোৰ প্ৰতিদ্বন্দ্বিতা প্ৰত্যক্ষ কৰিছে ।