ETV Bharat / bharat

কংগ্ৰেছৰ আহ্বানত ত্ৰিপুৰাত 12 ঘন্টীয়া বন্ধ : প্ৰতিবাদকাৰীক আটক - ত্ৰিপুৰাত কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ আটক

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে আহ্বান জনোৱা বন্ধৰ প্ৰতি মিশ্ৰিত সহাৰি ৷ ৰাজ্যখনৰ উত্তৰ আৰু দক্ষিণ দুয়ো প্ৰান্ততে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ আৰক্ষীৰ হাতত আটক বহু প্ৰতিবাদকাৰী ৷ আগৰতলাত সকলো চৰকাৰী কাৰ্যালয় বন্ধ ৷ দুচকীয়া বাহনৰ বাদে চহৰখনত সকলো ব্যৱসায়িক বাহনৰ চলাচল প্ৰায় বন্ধ থকা বুলি দাবী প্ৰতিবাদকাৰীৰ ৷

congress sponsored bandh evokes mixed responses picketers arrested

author img

By

Published : Jan 18, 2021, 9:03 PM IST

ত্ৰিপুৰা, 18 জানুৱাৰী : ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে আহ্বান জনোৱা বন্ধৰ প্ৰতি সহাৰি জনাই প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে আৰক্ষীৰ হাতত আটক হ'ল বহু প্ৰতিবাদকাৰী ৷ কংগ্ৰেছে আহ্বান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে এই সকল প্ৰতিবাদকাৰী ৰাজপথলৈ উলাই আহিছিল ৷

প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলক আবেলিলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে

বন্ধৰ প্ৰতি সহাৰি জনাই কংগ্ৰেছৰ শতাধিক সমৰ্থকে তাপস দে' ৰ দৰে দলৰ জ্যেষ্ঠ নেতা সকলৰ উপস্থিতিত কংগ্ৰেছ ভৱনৰ সন্মুখত গোট খাই চহৰখনত ধৰ্ণা দিয়া আৰম্ভ কৰে ৷ প্ৰচণ্ড শীতকো নেওচি কংগ্ৰেছৰ সমৰ্থক সকলে সকলোকে অৰ্থনৈতিক কাৰ্যকলাপৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনোৱাৰ মাজতে বিজেপিৰ সমৰ্থক সকলে কংগ্ৰেছ কৰ্মী সকলে বন্ধ কৰি থৈ যোৱা দোকান সমূহ পুনৰ খুলি দিয়ে ৷ কংগ্ৰেছ কৰ্মী সকলে দাবী কৰে যে বিজেপিৰ সমৰ্থক সকলে যদিও মটৰচাইকেলত ঘূৰি চহৰখনত বন্ধ অসফল কৰাৰ চেষ্টা কৰিছে তথাপি ৰাইজে স্বতঃস্ফূৰ্তভাৱে বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷

বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পূজন বিশ্বাসে কয় যে ৰাজ্যখনৰ উত্তৰ আৰু দক্ষিণ অঞ্চলত যুৱ কংগ্ৰেছৰ সদস্য সকলে ধৰ্ণা দিছে ৷ আগৰতলাতো সকলো চৰকাৰী কাৰ্যালয় বন্ধ থকা বুলি জানিবলৈ দি বিশ্বাসে কয় যে দুচকীয়া বাহনৰ বাদে চহৰখনত সকলো ব্যৱসায়িক বাহনৰ চলাচল বন্ধ আছে ৷

কংগ্ৰেছৰ প্ৰতিবাদ বিফল কৰি তুলিবলৈ চেষ্টা কৰা বিজেপি কৰ্মীসকলৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে বিজেপি কৰ্মীসকলে যদিও বন্ধ অসফল কৰি তুলিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ কৰ্মী সকলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছে ৷

প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলক আবেলিলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পশ্চিম ত্ৰিপুৰাৰ শীৰ্ষ আৰক্ষী বিষয়া মানিক দাসে মন্তব্য কৰে যে কোনো ধৰণৰ বেআইনী কামকাজ সহ্য কৰা ন'হব ৷

উল্লেখ্য যে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে সোমবাৰে আহ্বান জনোৱা 12 ঘন্টীয়া বন্ধৰ প্ৰতি মিশ্ৰিত সহাৰি পৰিলক্ষিত হয় ৷ চহৰখনত দুই এক বাহনৰ চলাচল আৰু সচৰাচৰ জনসমাগমতকৈ কিছু কম ভিৰ প্ৰত্যক্ষ কৰা হয় ৷ জানিব পৰা মতে প্ৰতিবাদকাৰী সকলে ৰাজ্যখনৰ উত্তৰ আৰু দক্ষিণ দুয়ো প্ৰান্ততে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক:বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা লালু প্ৰসাদ যাদৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.