ETV Bharat / bharat

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰে ছোনিয়া গান্ধীৰ বৈঠক - ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌক লৈ গভীৰ উদ্বেগ প্ৰকাশ ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে শনিবাৰে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰে হোৱা ভাৰ্চুৱেল বৈঠকত তেওঁলোকৰ ৰাজ্যসমূহত প্ৰতিষেধকৰ অভাৱৰ বিষয়ে উল্লেখ কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহযোগিতাৰ আহ্বান জনাইছে । এই বৈঠকতে ৰাহুল গান্ধীয়ে দেশত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

ছোনিয়া গান্ধীৰে বৈঠকত কেতবোৰ মন্তব্য মুখ্যমন্ত্ৰীসকলৰ

author img

By

Published : Apr 10, 2021, 9:09 PM IST

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৰ দ্ৰুত সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে শনিবাৰে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয় । উক্ত বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীও উপস্থিত থাকে । এই বৈঠকত মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যসমূহত প্ৰতিষেধকৰ অভাৱৰ বিষয়ে উল্লেখ কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহযোগিতাৰ আহ্বান জনাইছে । এই বৈঠকতে ৰাহুল গান্ধীয়ে দেশত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰে ভাৰ্চুৱেল বৈঠক

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে উল্লেখ কৰে যে কেন্দ্ৰ চৰকাৰে ৰাজ্যখনক ক'ভিড-১৯ প্ৰতিষেধকৰ পালিৰ সংখ্যা আৰু যোগানৰ বিষয়ে এতিয়ালৈকে কোনোধৰণৰ নিশ্চয়তা দিয়া নাই । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও কয় যে কেন্দ্ৰই ৰাজ্যসমূহক হিতাধীকাৰী হিচাপে বিবেচনা কৰিব লাগিব, বিৰোধী হিচাপে নহয় । ইফালে, মহাৰাষ্ট্ৰ চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী বালাচাহেব থোৰাটে কয় যে, ফেডাৰেল চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক যোগান ধৰে, তেন্তে ৰাজ্যখনে দৈনিক পাঁচ লাখ লোকক টীকাকৰণ প্ৰদান কৰিব পাৰিব । লগতে তেওঁ ৰাজ্যখনত ১,২০০ ভেণ্টিলেটৰ, ৰেমডেচিভিৰ বেজী আৰু অক্সিজেনৰ বাবে এক জৰুৰী প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । সকলো মুখ্যমন্ত্ৰীৰ মতামতৰ পাচত ৰাহুল গান্ধীয়ে কয় যে অতিমাৰীয়ে সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক প্ৰভাৱিত কৰিছে ।

ছোনিয়া গান্ধীৰে বৈঠকত কেতবোৰ মন্তব্য মুখ্যমন্ত্ৰীসকলৰ
ছোনিয়া গান্ধীৰে বৈঠকত কেতবোৰ মন্তব্য মুখ্যমন্ত্ৰীসকলৰ

উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক স্পষ্টভাৱে সমালোচনা কৰি প্ৰশ্ন কৰে যে, প্ৰতিষেধকৰ ৰপ্তানিও এইখন চৰকাৰৰ আন বহুতো সিদ্ধান্তৰ দৰে এক "পৰ্যবেক্ষণ" আছিল নে দেশৰ নাগৰিকৰ জীৱনৰ মূল্যৰ বিনিময়ত নিজৰ প্ৰচাৰ চলোৱাৰ প্ৰয়াস আছিল । ৮ এপ্ৰিল তাৰিখে প্ৰেৰণ কৰা পত্ৰখনত তেওঁ উল্লেখ কৰিছিল যে, বহু ৰাজ্যত প্ৰতিষেধকৰ অভাৱ হোৱা বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

লগতে পঢ়ক: ভোটাৰক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.