ETV Bharat / bharat

Union budget reactions: দৰিদ্ৰৰ বাবে সুবিধাবিহীন কেন্দ্ৰীয় বাজেট নিৰ্বাচনী ভাষণ মাথোঁ: খাৰ্গে - Tax slab in Union Budget

সংসদত বুধবাৰে উত্থাপন কৰা 2023-24 বৰ্ষৰ বিত্তীয় বাজেটক বিৰোধীয়ে নিৰ্বাচনমুখী বাজেট বুলি মন্তব্য কৰিছে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই বাজেট মাথোঁ এক নিৰ্বাচনী ভাষণ ৷ দুখীয়া শ্ৰেণীৰ বাবে বাজেটত কোনো সুবিধা নাই আৰু দেশৰ কেইবাখনো ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বাজেট প্ৰস্তুত কৰা হৈছে (Mallikarjun Kharge reacts on Union Budget) ৷

Union budget reactions
2023 24 বৰ্ষৰ বিত্তীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া
author img

By

Published : Feb 1, 2023, 7:59 PM IST

2023 24 বৰ্ষৰ বিত্তীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী: বুধবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আগন্তুক নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ বাজেট প্ৰস্তুত কৰা বুলি উল্লেখ কৰে (Mallikarjun Kharge reacts on Union Budget) ৷ তেওঁ লগতে কয় যে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে ইয়াত কোনো সুবিধা নাই । শাসকীয় চৰকাৰখন মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰু বাজেট সাধাৰণ মানুহৰ বাবে নহয় বুলি কয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Union Budget 2023) ৷

আজি লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-24 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে । এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰে কাগজবিহীন ৰূপত বাজেট দাখিল কৰিছে । এইখন হৈছে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট ৷ সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, চাকৰিৰ বাবে, চৰকাৰী খালী পদ পূৰণ আৰু এম জি এনৰেগাৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই বাজেটত (Union Budget 2023 highlights) ।

লগতে পঢ়ক: Union Budget 2023: 28 লাখ কোটি টকাৰ ধাৰৰ বোজা ভাৰতবাসীৰ মূৰত জাপি দিব চৰকাৰে: প্ৰদ্যুৎ বৰদলৈ

তেওঁ কয়, ‘‘তিনি-চাৰিখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে বাজেট দাখিল কৰিছে । এইটো হৈছে এক নিৰ্বাচনী ভাষণ আৰু এয়া তেওঁলোকে ১৫ দিন পূৰ্বে প্ৰস্তুত কৰিছিল । দৰিদ্ৰ লোকৰ বাবে আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে বাজেটত একো নাই । চাকৰিৰ বাবে কোনো পদক্ষেপ, চৰকাৰী খালী পদ পূৰণ আৰু এম জি এনৰেগাৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৩ ত কোনো পদক্ষেপ নল’লে’’ (Union Budget 2023 24)।

চাকৰি সৃষ্টিৰ বাবে কোনো দৃষ্টিভংগী দাখিল নকৰাৰ বাবে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি খাৰ্গেয়ে কয় যে, বৰ্তমানৰ চৰকাৰী কাৰ্যালয়ত খালী পদ পূৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কয় যে, ২০২৩ চনৰ বাজেটত জনসাধাৰণৰ প্ৰকৃত আৱেগ যেনে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ কোনো প্ৰতিফলন নাই । তেওঁ আৰু কয় যে, কেন্দ্ৰীয় বাজেটখন আড়ম্বৰপূৰ্ণ ঘোষণাৰে ভৰি আছে ৷ যাৰ কাৰ্যকৰীকৰণৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে (union budget of india 2023) ।

‘‘এই বাজেটখনে দেশৰ প্ৰকৃত আৱেগক সম্বোধন কৰা নাই, যিটো হৈছে নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি । ইয়াত কেৱল আগতে কৰা আড়ম্বৰপূৰ্ণ ঘোষণা আছিল কিন্তু কাৰ্যকৰীকৰণৰ কথা কি ক’ব ? পি এম কিষাণ যোজনাৰ পৰা কেৱল বীমা কোম্পানীয়েহে লাভৱান হৈছে কৃষক নহয় ।’’ কে চি ভেনুগোপালে এইদৰে কয় ।

লগতে পঢ়ক: Union Budget Reaction: কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ দুই বিশিষ্ট অৰ্থনীতিবিদৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল নতুন আয়কৰ ব্যৱস্থাৰ অধীনত বৃহৎ উৎসাহ । নতুন শাসন ব্যৱস্থাত আই টি ৰেহাইৰ সীমা বৃদ্ধি কৰা হৈছে ৫ লাখৰ পৰা ৭ লাখ টকা আৰু নতুন কৰ ব্যৱস্থাই ডিফল্ট কৰ ব্যৱস্থা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । মূলধনী ব্যয়ৰ ব্যয় ৩৩ শতাংশ বৃদ্ধি কৰি ১০ লাখ কোটি টকা হৈছে, যিটো জিডিপিৰ ৩.৩ শতাংশ (Tax slab in Union Budget) ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “অমৃত কালৰ প্ৰথম বাজেট”ক প্ৰশংসা কৰি কয় যে, ইয়াৰ দ্বাৰা উন্নত ভাৰত গঢ়াৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বাজেটত বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ই আকাংক্ষিত সমাজ, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰিব ।

‘‘অমৃত কালৰ প্ৰথম বাজেটে উন্নত ভাৰত গঢ়াৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব । ই বঞ্চিতসকলক অগ্ৰাধিকাৰ দিব । এই বাজেটে দৰিদ্ৰ লোক, মধ্যবিত্ত লোক, কৃষককে ধৰি এখন আকাংক্ষিত সমাজৰ সপোন পূৰণ কৰিব । এই ঐতিহাসিক বাজেটৰ বাবে মই নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ দলটোক অভিনন্দন জনাইছোঁ’’ ৷ এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মানে ‘বিশ্বকৰ্মা’ৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, প্ৰথমবাৰৰ বাবে তেওঁলোকৰ সমৰ্থন সম্পৰ্কীয় আঁচনি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে । (ANI)

লগতে পঢ়ক: Union Budget Reaction: সাধাৰণ ৰাইজৰ বাবে কোনো আঁচনি নাই বাজেটত: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.