নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ : বিৰোধী মিত্ৰজোঁট 'INDIA'ক লৈ শেহতীয়াকৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । মিত্ৰজোঁটৰ অংশ জেডিইউৰ সৰ্বোচ্চ নেতা নীতিশ কুমাৰে কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল । ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰেলীত কংগ্ৰেছৰ মনোভাৱক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল নেতাগৰাকীয়ে । তাৰ পাছতে ৰাজনৈতিক মহলত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল । অৱশ্যে এই মতবিৰোধ আঁতৰবলৈ কংগ্ৰেছে প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসন্তুষ্ট নীতিশ কুমাৰক বুজনি দিবলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ফোন কৰিছে । খাৰ্গেয়ে ফোন কৰি নীতিশ কুমাৰৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা কৰা বুলি জল্পনা-কল্পনাও চলিছে ।
শুকুৰবাৰে সন্ধিয়া লালু প্ৰসাদ যাদৱ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে প্ৰায় আধা ঘণ্টা কথা পাতিছিল । অনুমান কৰা হৈছে যে বিহাৰত আসন ভাগ-বতৰাৰ বিষয়ে 'INDIA' মিত্ৰজোঁটৰ সৈতেও আলোচনা হৈছে । অৱশ্যে, লালু আৰু তেজস্বীৰ সৈতে নীতিশ কুমাৰৰ বৈঠক বা মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে নীতিশ কুমাৰৰ ফোনৰ কথা বতৰাক লৈ জেডিইউয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ।
উল্লেখ্য যে যোৱা কিছুদিন ধৰি নীতিশ কুমাৰে নিৰন্তৰ কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য কৰা দেখা গৈছে । ইয়াৰ পূৰ্বে মতিহাৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত তেওঁ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কথা উল্লেখ কৰি কৈছিল যে যেতিয়া কেন্দ্ৰত কংগ্ৰেছ শাসনত আছিল তেতিয়া বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে অনুমতি দিয়া হোৱা নাছিল । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰশংসা কৰিছিল ।
ইয়াৰ মাজতে ২ নৱেম্বৰত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ 'বিজেপি ভগাও দেশ বচাও' ৰেলীত ভাষণ দি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছিল যে তেওঁ নিৰন্তৰভাৱে 'INDIA' মিত্ৰজোঁটক একত্ৰিত কৰাত নিয়োজিত হৈ আছে । তেওঁ অভিযোগ কৰিছিল যে কংগ্ৰেছে এই মুহূৰ্তত মিত্ৰতাৰ প্ৰতি আগ্ৰহী নহয় । কংগ্ৰেছে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনতহে ব্যস্ত হৈ আছে ।
লগতে পঢ়ক :Nitish Kumar on INDIA block : 'বিৰোধী মিত্ৰজোঁটক লৈ আগ্ৰহী নহয় কংগ্ৰেছ'-নীতিশ কুমাৰ