ETV Bharat / bharat

Telangana Election 2023 : তেলেংগানাত কংগ্ৰেছৰ প্ৰচাৰৰ মুখ্য লক্ষ্য অবিচি ভোটাৰ - Chhattisgarh CM Bhupesh Baghel

তেলেংগানাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে অক্টোবৰত সম্প্ৰদায় সংযোগ অভিযানৰ পৰিকল্পনা কৰিছে । দলটোৰ এই প্ৰচাৰৰ মুখ্য লক্ষ্য হৈছে অ'বিচি ভোটাৰ । তাৰ বাবে দলটোৰ তিনিজন অ'বিচি মুখ্যমন্ত্ৰী কৰ্ণাটকৰ কে সিদ্দাৰামাইয়া, ৰাজস্থানৰ অশোক গেহলট আৰু ছত্তীশগড়ৰ ভূপেশ বাঘেলক আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে ।

Telangana Election 2023
Telangana Election 2023
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:06 PM IST

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'ব পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন । তেলেংগানা, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু মিজোৰাম বিধানসভাৰ নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠি হ'ব । তাৰ বাবে বিজেপি-কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৰণনীতি গ্ৰহণ কৰিছে । কংগ্ৰেছে নিৰ্বাচনমুখী তেলেংগানাত অ'বিচি ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছে । লগতে সম্প্ৰদায়টোৰ পৰা গুৰুত্বপূৰ্ণ প্ৰাৰ্থী প্ৰদান কৰাৰো পৰিকল্পনা কৰিছে । এই সম্প্ৰদায়টো হৈছে ৰাজ্যখনৰ প্ৰায় ৫২ শতাংশ ভোটাৰ । কংগ্ৰেছে দলটোৰ তিনিজন অ'বিচি মুখ্যমন্ত্ৰী কৰ্ণাটকৰ পৰা কে সিদ্দাৰামাইয়া, ৰাজস্থানৰ পৰা অশোক গেহলট আৰু ছত্তীশগড়ৰ পৰা ভূপেশ বাঘেলক অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া সম্প্ৰদায় সংযোগ অভিযান আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে ।

"হয়, আমি অ'বিচিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, যি হৈছে ৰাজ্যখনৰ প্ৰায় ৫২ শতাংশ ভোটাৰ । আমি উক্ত সম্প্ৰদায়টোৰ সৈতে সংযোগ স্থাপনৰ বাবে এক অভিযানৰ পৰিকল্পনা কৰি আছোঁ । য'ত আমি আমাৰ মুখ্যমন্ত্ৰীসকলক চাবলৈ আশাকৰোঁ ।" তেলেংগানাৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক মাণিকৰাও থাকৰেয়ে ইটিভি ভাৰতক কয় । কংগ্ৰেছৰ ৰণনীতিবিদসকলৰ মতে, সিদ্দাৰামাইয়াই ১০ অক্টোবৰৰ ওচৰে-পাজৰে অ'বিচি প্ৰচাৰ আৰম্ভ কৰিব । কিয়নো কৰ্ণাটকত তেওঁৰ যথেষ্ট প্ৰভাৱ আছে আৰু চুবুৰীয়া তেলেংগানাৰ ভোটাৰসকলকো আকৰ্ষিত কৰিব পাৰে ।

"আমি আশাকৰোঁ যে কৰ্ণাটকত আমাৰ প্ৰদৰ্শনে তেলেংগানাতো প্ৰভাৱ পেলাব । আমাৰ নেত্ৰী ছোনিয়া গান্ধীয়ে ইয়াত ভোটাৰসকলক ছয়টা প্ৰতিশ্ৰুতি দিছে আৰু সিদ্দাৰামাইয়াৰ উপস্থিতিয়ে প্ৰদৰ্শন কৰিব যে কংগ্ৰেছে নিজৰ প্ৰতিশ্ৰুতি পালন কৰে ।" থাকৰেয়ে কয় । এই অ'বিচি নেতাসকলে দলটোত থকা গুৰুত্বপূৰ্ণ স্থিতিবোৰ প্ৰদৰ্শন কৰিবলৈ আৰু লগতে ৰাজস্থান আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰিবলৈ গেহলট আৰু বাঘেলকো উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

আনহাতে, কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ মতে, দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ মুঠ ১১৯ খন আসনৰ ভিতৰত অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়ৰ বাবে ৩১ খন সংৰক্ষিত আসন আছে । কিন্তু অ'বিচি নেতাসকলৰ পৰা দাবী কৰা হৈছে যে প্ৰতিদ্বন্দ্বী বিআৰএছ আৰু বিজেপিক পৰাস্ত কৰিবলৈ তেওঁলোকক প্ৰায় ৩৪ খন আসন দিয়া উচিত । "আমি অ'বিচিসকলকো টিকট দিয়াৰ আশা কৰিছোঁ । মই ক'ব নোৱাৰো কিমানজনক দিয়া হ'ব, কিন্তু নিশ্চিতভাৱে ই আমাৰ প্ৰতিদ্বন্দ্বীতকৈ অধিক হ'ব ।" থাকৰেয়ে কয় ।

সেই অনুসৰি, মহিলা, যুৱ আৰু কৃষকসকলৰ বাবে পৃথক চনদৰ আৰ্হিত অ'বিচিসকলৰ বাবে অহা মাহত সম্প্ৰদায় প্ৰচাৰৰ আৰম্ভণিতে দলটোৱে এখন চনদো আৰম্ভ কৰিব পাৰে । এআইচিচিৰ ভিতৰুৱা সূত্ৰ মতে, দক্ষিণ ভাৰতৰ ৰাজ্যখনত অ'বিচিৰ ওপৰত গুৰুত্ব দিয়াটো কেৱল ৰাহুল গান্ধীয়ে সম্প্ৰদায়টোৰ ওপৰত ৰখা ৰাষ্ট্ৰীয় মনোযোগৰ এটা অংশয়ে নহয়, ইয়াৰ দ্বাৰা এই বাৰ্তাও প্ৰদান কৰা হ'ব যে মহা পুৰণি দলটোক কেৱল উচ্চ বৰ্ণৰ ৰেড্ডীসকলেয়ে পৰিচালনা নকৰে । উল্লেখ্য যে তেলেংগানাত ৰাজনৈতিকভাৱে যথেষ্ট প্ৰভাৱশালী ৰেড্ডীসকল ।

আনহাতে, জানিব পৰা মতে এই সন্দৰ্ভত হাইকমাণ্ডৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰা হৈছে । দলৰ ভিতৰুৱা সূত্ৰ মতে, ৮০ জনতকৈও অধিক অ'বিচি প্ৰাৰ্থীয়ে প্ৰত্যেকে ৫০,০০০ টকাৰ মাচুল জমা দিয়াৰ পিছত টিকটৰ বাবে আবেদন কৰিছে । "আমি অ'বিচিৰ বাবে ৩৪ খন বিধানসভা আসন আৰু প্ৰতিটো লোকসভা সমষ্টিত কমেও দুখন আসন বিচাৰিছোঁ । আমি জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক আৰু সেয়ে পৰ্যাপ্ত প্ৰতিনিধিত্ব পোৱা উচিত । যদি টিকট দিয়া হয়, তেন্তে এইবাৰ আমাৰ প্ৰাৰ্থী জিকিব । আমাৰ নেতা মধু য়াশকী গৌড় আৰু মহেশ কুমাৰ গৌড়ে দলৰ সভাপতি খাৰ্গেৰ সন্মুখত আমাৰ দাবীসমূহ উত্থাপনৰ বাবে এটা প্ৰতিনিধি দলৰ নেতৃত্ব দি আছে ।" তেলেংগানা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি এম অঞ্জন কুমাৰ যাদৱে ইটিভি ভাৰতক কয় ।

লগতে পঢ়ক :Arvind Kejriwal: I.N.D.I.A. মিত্ৰজোঁট ত্যাগ নকৰে আম আদমী পাৰ্টীয়ে; কেজৰিৱালৰ ঘোষণা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.