নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নতুন দিল্লীৰ আনন্দ বিহাৰ ৰে'ল ষ্টেচনত ৰে'লৰ কুলিসকলৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপৰ পিছত নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ 21 ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে কুলিসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা আৰু প্ৰত্যাহ্বান সম্পৰ্কে বুজ লৈছিল ৷
বুধবাৰে গান্ধীয়ে নিজৰ YouTubeত কুলিসকলৰ সৈতে হোৱা বাৰ্তালাপৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে আৰু তেওঁলোকে সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে । নিয়মীয়া উপাৰ্জন, পেঞ্চন, স্বাস্থ্য বীমা, আৰু ৰে'লৱেৰ চৰকাৰী সমৰ্থনৰ অভাৱৰ সন্মুখীন হোৱা স্বত্বেও এই পৰিশ্ৰমী ব্যক্তিসকলে আগন্তুক ভাল সময়ৰ বাবে আশা কৰি আছে বুলি তেওঁ উল্লেখ কৰে ৷
-
भारत के मेहनती कुली भाइयों से दिल्ली के आनंद विहार स्टेशन पर मिला। डिग्री इंजीनियर की, काम कुली का, ऐसी बेरोज़गारी से त्रस्त हैं।
— Rahul Gandhi (@RahulGandhi) September 27, 2023 " class="align-text-top noRightClick twitterSection" data="
रेलवे से न पगार, न पेंशन, न स्वास्थ्य बीमा और न सरकारी सुविधा!
मगर इन्हें उम्मीद है, समय बदलेगा, और मुझे पूरा विश्वास! https://t.co/1nRpMrAY2P pic.twitter.com/CodDGyhft4
">भारत के मेहनती कुली भाइयों से दिल्ली के आनंद विहार स्टेशन पर मिला। डिग्री इंजीनियर की, काम कुली का, ऐसी बेरोज़गारी से त्रस्त हैं।
— Rahul Gandhi (@RahulGandhi) September 27, 2023
रेलवे से न पगार, न पेंशन, न स्वास्थ्य बीमा और न सरकारी सुविधा!
मगर इन्हें उम्मीद है, समय बदलेगा, और मुझे पूरा विश्वास! https://t.co/1nRpMrAY2P pic.twitter.com/CodDGyhft4भारत के मेहनती कुली भाइयों से दिल्ली के आनंद विहार स्टेशन पर मिला। डिग्री इंजीनियर की, काम कुली का, ऐसी बेरोज़गारी से त्रस्त हैं।
— Rahul Gandhi (@RahulGandhi) September 27, 2023
रेलवे से न पगार, न पेंशन, न स्वास्थ्य बीमा और न सरकारी सुविधा!
मगर इन्हें उम्मीद है, समय बदलेगा, और मुझे पूरा विश्वास! https://t.co/1nRpMrAY2P pic.twitter.com/CodDGyhft4
সংবাদ মাধ্যমক সম্বোধন কৰি গান্ধীয়ে কয়, ‘‘মই কেইদিনমান আগতে এজন পাচলি বিক্ৰেতা ৰামেশ্বৰজীক লগ কৰাৰ সুযোগ পাইছিলো । এই বাৰ্তালাপৰ পিছত, কিছুমান ৰে’লৱে কুলিয়ে মোৰ সৈতে এখন বৈঠকৰ বাবে অনুৰোধ কৰিছিল । সুযোগ পোৱাৰ লগে লগে মই দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেললৈ গৈ তেওঁলোকৰ সৈতে লগ হৈ তেওঁলোকৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ে গভীৰভাৱে বুজি পাইছিলো ।’’
ৰাহুল গান্ধীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মধৰি লাখ লাখ ভ্ৰমণকাৰীক সহায় কৰাৰ ক্ষেত্ৰত কুলিসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰে আৰু কয় যে তেওঁলোকৰ বাহুৰ বেজটো কেৱল এটা পৰিচয়ই নহয়, বছৰজুৰি পাৰ হৈ যোৱা এক উত্তৰাধিকাৰীকো প্ৰতিনিধিত্ব কৰে । তেওঁলোকৰ পৰিস্থিতিৰ বাবেও দুখ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৷
পৰিস্থিতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গান্ধীয়ে উল্লেখ কৰে, ‘‘আজি ভাৰতৰ অসংখ্য শিক্ষিত যুৱক-যুৱতীয়ে ৰে'ল ষ্টেচনত কুলি হিচাপে কাম কৰি জীৱিকা অৰ্জন কৰিবলৈ বাধ্য হৈছে । ইয়াৰ আঁৰৰ কাৰণ হৈছে নিবনুৱাৰ উদ্বেগজনক হাৰ । আনকি শিক্ষিত নাগৰিকসকলেও দিনত দুবাৰকৈ আহাৰ গ্ৰহণ কৰাৰ বাবে সংগ্ৰাম কৰি আছে ।’’
তেওঁ লগতে প্ৰকাশ কৰে যে এই কুলিসকলে প্ৰতিদিনে 400-500 টকাৰ সামান্য উপাৰ্জন কৰে, যি ঘৰুৱা ব্যয়ৰ প্ৰাথমিক ব্যয় সামৰি লোৱাত পৰ্যাপ্ত নহয় আৰু সঞ্চয়ৰ বাবে কোনো অৱকাশ নাথাকে ৷
‘‘এই সংগ্ৰামৰ প্ৰাথমিক কাৰণ হৈছে অত্যধিক মুদ্ৰাস্ফীতি । খাদ্য, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ব্যয় বৃদ্ধি পাইছে, যাৰ ফলত জীয়াই থকাটো তেওঁলোকৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে । তেওঁলোক ভাৰতীয় ৰে'লৱেৰ বেতনভোগী কৰ্মচাৰী নহয়, কোনো দৰমহা বা পেন্সন লাভ কৰা নাই,’’ গান্ধীয়ে কয় ৷
তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোক চিকিৎসা বীমা আৰু মৌলিক সুবিধাৰ দৰে অত্যাৱশ্যকীয় লাভালাভৰ পৰা বঞ্চিত, যাৰ ফলত ভাৰতৰ বোজা-বাহকসকলে বৰ্ধিত কষ্টৰ সন্মুখীন হৈছে ৷ লগতে এই কুলিসকলে ভাল দিনৰ বাবে আশাৰে বাট চাই থকাৰ বুলি উল্লেখ কৰে ৷ তেওঁ দৃঢ়তাৰে কয়, ‘‘তেওঁলোকৰ আশা লাখ লাখ ভাৰতীয়ৰ দৰে একেই- সময় সলনি হ’ব ।’’
ছ'চিয়েল মিডিয়া প্লেটফৰ্ম Xত এটা প’ষ্টত গান্ধীয়ে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, ‘‘মই দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনত ভাৰতৰ কঠোৰ পৰিশ্ৰমী কুলি ভাতৃসকলক লগ পাইছিলো । তেওঁলোকে অভিযান্ত্ৰিক ডিগ্ৰী আছে যদিও নিবনুৱা সমস্যাত ভুগি আছে । কোনো দৰমহা নাই, পেঞ্চন নাই, স্বাস্থ্য বীমা নাই আৰু ৰে’লৱেৰ পৰা কোনো চৰকাৰী সমৰ্থন নাই ! তথাপিও তেওঁলোকে আশা কৰে আৰু বিশ্বাস কৰে যে সময় সলনি হ’ব ৷’’
ৰাহুল গান্ধীয়ে মুকলি কৰা ভিডিঅ’ত কুলিসকলে তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে উল্লেখ কৰা দেখা গৈছে ৷ তেওঁলোকে কয় যে আশ্ৰয়ৰ সুবিধা আৰু পেঞ্চনৰ অভাৱৰ সন্মুখীন হৈছে ৷ কিছু কুলিয়ে আনকি প্ৰকাশ কৰিছিল যে তেওঁলোকৰ অভিযান্ত্ৰিক ডিগ্ৰী আছে যদিও চাকৰিৰ সুযোগৰ অভাৱৰ বাবে কুলি হিচাপে কাম কৰিবলৈ বাধ্য হৈছে । বাৰ্তালাপৰ সময়ত গান্ধীয়ে এক সাংকেতিক ভঙ্গীত কুলিসকলে পিন্ধা ৰঙা চাৰ্ট পিন্ধিছিল আৰু তেওঁৰ মূৰৰ ওপৰত এটা বাকচ তুলি লৈছিল ৷
লগতে পঢ়ক: AFSPA in Manipur: মণিপুৰৰ ১৯ টা স্থানত পুনৰ AFSPAৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি