ETV Bharat / bharat

BJP shares Congress files : কংগ্ৰেছৰ শাসনকালৰ দুৰ্নীতিৰ অধ্যায় মুকলি বিজেপিৰ

author img

By

Published : Apr 2, 2023, 5:55 PM IST

বিজেপিয়ে টুইটাৰত মুকলি কৰিছে কংগ্ৰেছ ফাইলছ শীৰ্ষক বিশেষ ভিডিঅ' (BJP in congress files)। য'ত ইউপিএ চৰকাৰৰ বিভিন্ন দুৰ্নীতি সম্পৰ্কে অভিযোগ কৰিছে বিজেপিয়ে । শাসকীয় দলটোৰ অভিযোগ মতে কংগ্ৰেছে শাসনকালত দেশৰ নাগৰিকৰ ৪৮,২০,৬৯,০০,০০,০০০ টকা লুটিছে ।

BJP shares Congress files
কংগ্ৰেছৰ শাসনকালৰ দুৰ্নীতিৰ অধ্যায় মুকলি বিজেপিৰ

নেশ্যনেল ডেস্ক, ২ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন । ইফালে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশৰ ৰাজনীতি গৰম হৈ আছে । ইয়াৰ সুবিধা গ্ৰহণ কৰি ইতিমধ্যে কংগ্ৰেছ আৰু বিৰোধীয়ে শাসকীয় বিজেপিক লক্ষ্য কৰি লৈছে । অৱশ্যে শাসকীয় বিজেপিও এনে বহি থকা নাই । এইবাৰ কংগ্ৰেছক আক্ৰমণ বিজেপিৰ । 'কংগ্ৰেছ ফাইলছ' হিচাপে টুইটাৰত এক বিশেষ কংগ্ৰেছ বিৰোধী অভিযান আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP shares Congress files on Twitter)।

ইয়াৰ অংশস্বৰূপে 'কংগ্ৰেছ ফাইলছ'ৰ প্ৰথম অংশটো বিজেপিয়ে অফিচিয়েল টুইটাৰ একাউণ্টত মুকলি কৰিছে । ইয়াৰ জৰিয়তে বিজেপিয়ে অভিযোগ কৰিছে যে ৭০ বছৰীয়া শাসনকালত কংগ্ৰেছে দেশৰ জনসাধাৰণৰ ৪৮,২০,৬৯,০০,০০,০০০ টকা লুটিছে ।

  • Congress Files के पहले एपिसोड में देखिए, कैसे कांग्रेस राज में एक के बाद एक भ्रष्टाचार और घोटाले हुए… pic.twitter.com/vAZ7BDZtFi

    — BJP (@BJP4India) April 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ ফাইলছৰ প্ৰথম খণ্ডত কংগ্ৰেছৰ শাসনকালত কেনেকৈ এটাৰ পাছত এটা কৈ দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হৈছিল চাওক বুলি বিজেপিয়ে টুইট কৰিছে । কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰি বিজেপিয়ে কয় যে, দলটোৱে শাসনত থাকোতে যিমান লুণ্ঠন চলাইছিল সেই ধনেৰে এক সামৰিক শক্তি গঠন কৰিব পাৰিলেহেঁতেন (BJP slams Congress)।

বিজেপিয়ে দাবী কৰিছে যে, এই বৃহৎ পৰিমাণৰ ধনেৰে ২৪ খন আইএনএছ বিক্ৰান্ত, ৩০০ খন ৰাফেল জেট আৰু ১০০০ টা মংগল মিছন ক্ৰয় বা কাৰ্যকৰী কৰিব পাৰিলেহেঁতেন । দেশখনে কংগ্ৰেছৰৰ কথিত দুৰ্নীতিৰ পৰিণাম ভুগিব লগা হৈছে বুলিও বিজেপিয়ে অভিযোগ কৰে ।

কংগ্ৰেছে শাসনকালত ৰাইজৰ পৰা লুটি লোৱা ৪৮,২০,৬৯,০০,০০,০০০ টকা ভাৰতৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বুলিও দাবী কৰে বিজেপিয়ে । কিন্তু কংগ্ৰেছৰ দুৰ্নীতিৰ বাবে দেশখন ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰগতিৰ দৌৰত পিছ পৰি আছিল বুলিও বিজেপিয়ে ভিডিঅ' বাৰ্তাত উল্লেখ কৰিছে (BJP calls Congress rule corruption)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পূৰ্বৰ ভাষণৰ প্ৰসংগ উল্লেখ কৰি বিজেপিয়ে কৈছে যে, ২০০৪-১৪ বৰ্ষলৈ কংগ্ৰেছৰ অন্তিম কাৰ্যকালক "নিৰুদ্দিষ্ট দশক" আছিল । অভিযোগ অনুসৰি সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে তেওঁৰ কাৰ্যকালত সংঘটিত কেলেংকাৰীবোৰক আওকাণ কৰিছিল আৰু বাতৰি কাকতবোৰ কেলেংকাৰী আৰু দুৰ্নীতিৰ বাতৰিৰে ভৰি আছিল ।

ইউপিএ যুগত পোহৰলৈ অহা কেইবাটাও কেলেংকাৰীৰ তালিকাও প্ৰকাশ কৰে বিজেপিয়ে । তাৰ ভিতৰত আছে ১.৮৬ লাখ কোটি টকাৰ কয়লা কেলেংকাৰী, ১.৭৬ লাখ কোটি টকাৰ 2G স্পেকট্ৰাম কেলেংকাৰী, ১০ লাখ কোটি টকাৰ এমএনৰেগা কেলেংকাৰী, ৭০,০০০ কোটি টকাৰ কমনৱেলথ কেলেংকাৰী, ইটালীৰ সৈতে হেলিকপ্টাৰ চুক্তিত ৩৬২ কোটি টকাৰ উৎকোচ আৰু ৰে'লৱে ব'ৰ্ডৰ অধ্যক্ষৰ বাবে ১২ কোটি টকা উৎকোচ (BJP allegation in congress files)।

ভিডিঅ'টো কেৱল এটা শৃংখলাৰ আৰম্ভণি বুলি ইংগিত দি বিজেপিয়ে শেষত কয় যে এয়া কেৱল কংগ্ৰেছৰ দুৰ্নীতিৰ ট্ৰেইলাৰ, চিনেমাখন এতিয়াও শেষ হোৱা নাই । অৱশ্যে বিজেপিৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ কংগ্ৰেছে কেনেদৰে দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :PMO fake official case: কাশ্মীৰত আটক গুজৰাটী প্ৰৱঞ্চক সন্দৰ্ভত RTI দাখিল অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.