ETV Bharat / bharat

সাক্ষাৎ বিচাৰি নিৰ্বাচন আয়োগলৈ পত্ৰ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

author img

By ANI

Published : Jan 2, 2024, 2:25 PM IST

Congress writes to letter ECI: ভি ভি পি এ টিৰ সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ বিশেষ পত্ৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ ৷ নিৰ্বাচন আয়োগৰ দলে ইণ্ডি মিত্ৰজোঁটৰ প্ৰতিনিধি দলক সাক্ষাৎ নিদিয়াক লৈ আক্ষেপ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৷

congress leader jairam ramesh writes to eci seeking meets
সাক্ষাৎ বিচাৰি নিৰ্বাচন আয়োগলৈ পত্ৰ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

নিউজ ডেস্ক, 2 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ শেহতীয়াকৈ ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়াল চমুকৈ ভি ভি পি এ টিৰ সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ এখন বিশেষ পত্ৰ লিখিছিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ৷

ভি ভি পি এ টিৰ সন্দৰ্ভত ইণ্ডি মিত্ৰজোঁটৰ মতামত দাঙি ধৰিবলৈ প্ৰতিনিধিসকলে যাতে নিৰ্বাচন আয়োগৰ দলক সাক্ষাৎ কৰিব পাৰে তাৰ বাবে পত্ৰখন লিখা হৈছে ৷ মঙলবাৰে নিৰ্বাচন আয়োগলৈ লিখা পত্ৰখনত উল্লেখ আছে, ‘‘ইণ্ডিয়াৰ 3-4 জনীয়া প্ৰতিনিধিৰ দলে আপোনাৰ আৰু আপোনাৰ সহকৰ্মীৰ সাক্ষাৎ বিচাৰিছো ৷ ভি ভি পি এ টিৰ সন্দৰ্ভত আমাৰ দৃষ্টিভংগী দাঙি ধৰিবলৈ এই সাক্ষাৎ বিচাৰিছো ৷ এইটো এটা সম্পূৰ্ণ যুক্তিসঙ্গত আৰু বৈধ অনুৰোধ ৷’’

পত্ৰখনত কোৱা হৈছে, ‘‘ই ভি এম সম্পৰ্কীয় উদ্বেগজনক বিষয়ে আলোচনা কৰিবলৈ কেইবাবাৰো নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু প্ৰতিনিধি দলৰ স্মাৰকপত্ৰৰ বিষয়ে ই চি আয়ে দিয়া স্পষ্টীকৰণক সাধাৰণ বুলি দিয়া আখ্যা দিয়া হয় ৷ " পত্ৰখনত কোৱা হৈছে " বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ইণ্ডি মিত্ৰজোঁটৰ প্ৰতিনিধিদলৰ সৈতে কোনো বৈঠক হোৱা নাছিল ।’’

2023 চনৰ 2 অক্টোবৰত পৰামৰ্শৰ জৰিয়তে আমাৰ দ্বাৰা এক প্ৰতিনিধিত্ব দল প্ৰেৰণ কৰা হৈছিল। প্ৰতিনিধি দলটোৱে নিৰ্দিষ্ট উদ্বেগ উত্থাপন কৰিছিল যিবোৰ 2023ৰ 23 আগষ্টত ই চি আইৰ স্পষ্টীকৰণত সম্বোধন কৰা হোৱা নাছিল । কোনো সঁহাৰি পোৱা নগ'ল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে ৷

পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰতিনিধি দলটোৱে 2023ৰ 19 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত ইণ্ডি মিত্ৰজোঁটৰ প্ৰতিনিধিৰ বৈঠকত গৃহীত এক প্ৰস্তাৱৰ ওপৰত আধাৰিত কৰি ভি ভি পি এ টি ব্যৱহাৰৰ বিষয়ে আলোচনা আৰু পৰামৰ্শ প্ৰদান কৰিবলৈ 2023ৰ 20 ডিচেম্বৰ তাৰিখে পুনৰ এপইণ্টমেণ্ট বিচাৰিছিল ৷

লগতে পঢ়ক : হোৱাটছএপে বিগত এমাহত ভাৰতত 71 লাখ একাউণ্ট নিষিদ্ধ কৰিছে; কিয় জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.