ETV Bharat / bharat

Manipur Violence : অশান্ত মণিপুৰ, বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা অজয় কুমাৰৰ

মণিপুৰ ট্ৰেইলাৰ হে, বিজেপিয়ে যদি এনেদৰে ঘৃণা বিয়পায় থাকে তেন্তে সমগ্ৰ দেশতে একে পৰিস্থিতি হ'ব । এই অভিযোগ কংগ্ৰেছ নেতা অজয় কুমাৰৰ । ৰাহুল গান্ধীৰ কনভয়ক বাধা দিয়াক লৈও ক্ষোভিত কংগ্ৰেছ ।

Manipur Violence
বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা অজয় কুমাৰৰ
author img

By

Published : Jun 30, 2023, 1:43 PM IST

নেশ্যনেল ডেস্ক,৩০ জুন : যোৱা ৩ মে'ৰ পৰা মণিপুৰত হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে । বিষয়টোৱে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে সময়তে মণিপুৰ চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে কংগ্ৰেছে । পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা কৰে এআইচিচিৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে ।

কুমাৰে শুকুৰবাৰে অভিযোগ কৰে যে বিজেপিয়ে ধৰ্মৰ ওপৰত ভিত্তিত ৰাজনীতি কৰি আছে । তেওঁৰ মতে মণিপুৰ এক ট্ৰেইলাৰ । যদি বিজেপিয়ে ঘৃণা বিয়পাই থাকে তেন্তে সমগ্ৰ দেশতে মণিপুৰ সদৃশ পৰিস্থিতি হ'ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে ৷ তেওঁ লগতে কয় যে যদি বিজেপিয়ে নিৰ্বাচনত জয়ী হ'ব বিচাৰে তেনেহ'লে সেয়া কৰিব পাৰে কিন্তু তাৰ বাবে দেশক বিভাজন কৰাৰ কোনো প্ৰয়োজন নাই । মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে নিৰ্বাচনত জয়ী হ'বলৈ ঘৃণা বিয়পাই দেশক বিভাজন কৰিব নালাগে ।

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰে । সংঘৰ্ষজৰ্জৰ চুৰাচান্দপুৰ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীৰ কনভয় ৰখোৱাকলৈও কংগ্ৰেছ দলটো ক্ষোভিত হৈ আছে । এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে কয় যে ৰাহুল গান্ধীৰ ভ্ৰমণ এনেদৰে নষ্ট কৰিব বিচৰাটো দুৰ্ভাগ্যজনক ।

বিজেপিক আক্ৰমণ কৰি তিৱাৰীয়ে কয় যে গৃহ মন্ত্ৰীৰ বাহিৰে আন কোনো মন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণৰ সৌজন্য প্ৰদৰ্শন কৰা নাই । যদি এগৰাকী জ্যেষ্ঠ বিৰোধী নেতা তালৈ গৈছে চৰকাৰে তেওঁৰ ভ্ৰমণৰ সুবিধা দিব লাগিছিল ।

উল্লেখ্য যে ইম্ফলৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰৈত ৰাহুল গান্ধীৰ কনভয়ক মণিপুৰ আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল । যাৰ বাবে ৰাহুল গান্ধীয়ে পুনৰ ইম্ফললৈ উভতি যাবলৈ বাধ্য হৈছিল । ইয়াৰ কিছু সময় পাছতে কংগ্ৰেছ কৰ্মী আৰু স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতি অধিক অৱনতি হোৱাৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে ।

ইফালে মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইশম মেঘাচন্দ্ৰই জানিবলৈ দিয়া মতে ৰাহুল গান্ধীয়ে শুকুৰবাৰে ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিবলৈ মইৰাঙত উপস্থিত হৈছে । তেওঁ ইম্ফলত ১০ গৰাকী আন দলৰ নেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলকো সাক্ষাৎ কৰিব ।

লগতে পঢ়ক :Manipur CM Resigns : পদত্যাগৰ প্ৰস্তুতি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.