ETV Bharat / bharat

তেলেংগানাত থমকিল BRS ৰ বিজয় ৰথ ! - দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে

তেলেংগানাত BRS ৰ বিজয়ৰ গতি ৰোধিলে কংগ্ৰেছে ! ৰাজ্যখনত অগ্ৰগতি লাভ কৰিছে দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে ৷ ECI ৰ তথ্য অনুসৰি কংগ্ৰেছে 64 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিআৰএছে 41 খন আৰু বিজেপিয়ে 9 খন আসনত আগবাঢ়ি আছে ।

Congress 'hand' stops BRS 'car' in Telangana
তেলেংগানাত থমকিল BRS ৰ বিজয় ৰথ
author img

By ANI

Published : Dec 3, 2023, 12:59 PM IST

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: তেলেংগানাত থমকিল ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ BRS ৰ গাড়ী ৷ দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত তেলেংগানাত অগ্ৰগতি লাভ কৰিছে । ECI ৰ তথ্য অনুসৰি কংগ্ৰেছে 64 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিআৰএছে 41 খন আৰু বিজেপিয়ে 9 খন আসনত আগবাঢ়ি আছে ।

তেলেংগানা কংগ্ৰেছৰ সভাপতি অনুমূলা ৰেৱন্থ ৰেড্ডীয়ে কামাৰেড্ডী সমষ্টিৰ পৰা আগবাঢ়ি আছে আৰু মুখ্যমন্ত্ৰী কেচিআৰে পিছ পৰি আছে । 2009 আৰু 2014 চনত TDP ৰ পৰা অন্ধ্ৰপ্ৰদেশ বিধানসভাত আৰু 2014 চনৰ পৰা 2018 চনৰ ভিতৰত তেলেংগানা বিধানসভাত কোডাংগল সমষ্টিক প্ৰতিনিধিত্ব কৰি দুবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰেৱন্থ ।

টিডিপি এৰি 2017 চনত কংগ্ৰেছত যোগদান কৰে ৰেৱন্থে । 2021 চনৰ জুন মাহত এন উত্তম কুমাৰ ৰেড্ডীৰ ঠাইত তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰে ৰেৱন্থে । ৱাৰংগল পূৱ আৰু পশ্চিম সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কোণ্ডা সুৰেখা আৰু নাইনী ৰাজেন্দৰ ৰেড্ডী দুয়োগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে ।

গজৱেল সমষ্টিৰ পৰা আগবাঢ়ি আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ । 2014 চনত ৰাজ্যখন গঠন হোৱাৰ পিছৰে পৰা BRS এ কে চি আৰক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰি ক্ষমতা দখল কৰি আহিছে । উল্লেখযোগ্য যে, অন্যতম গুৰুত্বপূৰ্ণ আসন হিচাপে বিবেচিত ছিৰচিলাৰ পৰা কালভাকুন্তলা তাৰকা ৰামা ৰাও (KTR) আগবাঢ়ি আছে । 2018 চনৰ নিৰ্বাচনত একেখন আসনৰ পৰা যুঁজ দি জয়ী হৈছিল কেটিআৰ ।

আদিলাবাদ আসনত বিজেপিৰ পৰা পয়াল শংকৰে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে নিজামাবাদ (Urban)ৰ পৰা অগ্ৰগতি লাভ কৰিছে ধনপাল সূৰ্যনাৰায়ণে । ইয়াকুতপুৰাৰ আসনত আগবাঢ়ি আছে AIMIM ৰ পৰা জাফ্ফৰ হুছেইন ।

হায়দৰাবাদৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত ভোট গণনা চলি থকাৰ সময়তে yিজয় উৎসৱ উদযাপন কৰা দেখা গ’ল । দলৰ কেডাৰে "বাই বাই কেচিআৰ" ধ্বনি দিয়ে । 2024 চনৰ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছৰ বাবে তেলেংগানাৰ নিৰ্বাচনৰ ফলাফল গুৰুত্বপূৰ্ণ হ’ব । কৰ্ণাটক আৰু তেলেংগানাত জয়লাভ কৰিলে দক্ষিণত দলটোৰ ক্ষমতা অধিক সুনিৰ্দিষ্ট হ’ব ।

বি আৰ এছৰ নেতাসকল কংগ্ৰেছ দলৰ সৈতে যোগাযোগ আছে নেকি বুলি সোধাত কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰীয়ে ANI ক কয়, "অৱশ্যেই ! আজিৰ ৰাজনীতি তেনেকুৱাই । তেওঁলোক আমাৰ সৈতে যোগাযোগত আছে । কেতিয়াবা আমাৰ (বিধায়ক)ক কাঢ়ি লৈ যায়, আৰু কেতিয়াবা তেওঁলোকৰ ইয়ালৈ আহে ।"

ভোটগণনা চলি থকাৰ লগে লগে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলকে ধৰি 109 টা দলৰ 2290 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । প্ৰতিযোগীসকলৰ ভিতৰত আছে 221 গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী । মুঠ 103 জন বিধায়কে এইবাৰ পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ইয়াৰে অধিকাংশই শাসকীয় বি আৰ এছৰ ।

দুপৰীয়াৰ ভিতৰত ফলাফলৰ এক স্পষ্ট ছবি পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

তেলেংগানাত 30 নৱেম্বৰত ভোটদান অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.