ETV Bharat / bharat

Randeep Surjewala Controversial Statement: ‘‘বিজেপিক সমৰ্থন কৰাসকল পৈশাচিক প্ৰৱণতাৰ লোক’’ -সুৰজেৱালা

author img

By

Published : Aug 14, 2023, 1:49 PM IST

২০২৪ চনত হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাৰ বিস্ফোৰক মন্তব্য । বিজেপিক সমৰ্থন কৰা লোকক পৈশাচিক প্ৰৱণতাৰ বুলি ক'লে নেতাগৰাকীয়ে । ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি ।

Randeep Surjewala Controversial Statement
বিজেপিক সমৰ্থন কৰাসকল পৈশাচিক প্ৰৱণতাৰ লোক

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট : হাৰিয়ানা বিধানসভা নিৰ্বাচনলৈ এতিয়াও প্ৰায় ১ বছৰ বাকী আছে । তাৰ প্ৰাকক্ষণত কংগ্ৰেছে ৰাজ্যখনত নিৰ্বাচনী ৰণনীতি আৰম্ভ কৰিছে । ইয়াৰ মাজতে ৰাজ্যখনত ৰাজনৈতিক বাক-বিতণ্ডা আৰম্ভ হৈছে । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনীতিবিদসকলে তেওঁলোকৰ মন্তব্যৰে শিৰোনাম দখলৰ চেষ্টা কৰিছে । ইয়াৰ মাজতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাৰ এক বিতৰ্কিত মন্তব্যই ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

  • मेरा हरियाणा दर्द से कराह रहा है।

    CET पास नौजवान के आंखों में आसुओं का सैलाब है।

    जींद में तो हद हो गई, अब रविदासिया व वाल्मीकि समुदाय को गुरु रविदास जी व महर्षि वाल्मीकि जी की मूर्ति तक नहीं लगाने दी जा रही। उन्हें खून के आँसु रुलाने का हिसाब कौन देगा?

    जब तक इन आंसुओं का हिसाब… pic.twitter.com/XlMu4gGWbZ

    — Randeep Singh Surjewala (@rssurjewala) August 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দেওবাৰে কৈথালত কংগ্ৰেছ দলে আয়োজন কৰিছিল এক জনসভা । য'ত ভাষণ প্ৰদান কৰি ৰণদীপ সুৰজেৱালাই বিজেপি-জেজেপি মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰে । সুৰজেৱালাৰ বিতৰ্কিত মন্তব্যৰ পাছতে বিজেপি নেতা-কৰ্মীসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালাই ভাষণ প্ৰসংগত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল । তেওঁ কয় যে, যিসকল ভোটাৰে ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়ে বা তেওঁলোকক সমৰ্থন কৰে সেইসকল পৈশাচিক প্ৰৱণতাৰ মানুহ । তেওঁ এই মহাভাৰতৰ দেশৰ পৰা অভিশাপ দিয়া বুলিও উল্লেখ কৰে ।

  • हरियाणा त्रस्त
    खट्टर दुष्यंत मस्त..

    मनोहर काल-सब गोलमाल

    प्रॉपर्टी आईडी का घोटाला बना हरियाणवियों की जिंदगियों का गड़बड़झाला !

    आज “जन आक्रोश प्रदर्शन”, कैथल, हरियाणा । pic.twitter.com/ggyQvAxcoz

উল্লেখ্য যে ৰণদীপ সিং সুৰজেৱালা, কিৰণ চৌধুৰী আৰু কুমাৰী চেলজাই ৰাজ্যখনৰ বিভিন্ন জিলাত ৰাজহুৱা সভা সম্বোধন কৰি হাৰিয়ানা চৰকাৰৰ ভুল নীতিৰ বাবে ৰাইজে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰে । তাৰ অংশস্বৰূপে দেওবাৰে কৈথালৰ উদয় সিং কিল্লাত ৰাজহুৱা প্ৰতিবাদী সভাৰ আয়োজন কৰা হয় । কংগ্ৰেছৰ হাজাৰ হাজাৰ সমৰ্থকে জন আক্ৰোশ শীৰ্ষক সভাত উপস্থিত থাকে । ৰাজহুৱা সভাত প্ৰথমে ভাষণ প্ৰদান কৰি কিৰণ চৌধুৰীয়ে চৰকাৰৰ ভুল নীতিসমূহ ৰাইজৰ সন্মুখত উত্থাপন কৰে ।

তাৰ পাছতে ৰণদীপ সিং সুৰজেৱালাই বিভিন্ন বিষয়ত চৰকাৰক তীব্ৰ লক্ষ্য কৰি লয় । ৰণদীপ সুৰজেৱালাই কয় যে ৪ বছৰত ৩ লাখ ৫৯ হাজাৰ শিক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছে । কিন্তু মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সেই যুৱসকলক পৰীক্ষাত বহিবলৈ নিদিয়ে । চৰকাৰক তীব্ৰ সমালোচনা কৰি সুৰজেৱালাই কয় যে যুৱক-যুৱতীসকলক এতিয়া নিযুক্তি নিদিলেও তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া উচিত ।

লগতে পঢ়ক :Priyanka Gandhi vs PM Modi: প্ৰধানমন্ত্ৰী মোদীৰ বিপৰীতে বাৰাণসীৰ জনসাধাৰণে বিচাৰে প্ৰিয়ংকা গান্ধীক; সঞ্জয় ৰাউট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.