ETV Bharat / bharat

Violence Hit Manipur : মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ; কেন্দ্ৰ তথা ৰাজ্যক দোষাৰোপ - AICC in charge of Manipur Bhakta Charan Das

মণিপুৰৰ দায়িত্বত থকা এআইচিচিৰ নেতা ভক্ত চৰণ দাসে কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে 'সংবিধান অনুসৰি কাম কৰা নাই' । লগতে হিংসাপীড়িত ৰাজ্যখনত দ্ৰুততাৰে শান্তি পুনৰুদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন অধিক উপযুক্ত হ'ব বুলি তেওঁ দাবী কৰে (Congress demands President rule in Manipur) ।

Violence Hit Manipur
Violence Hit Manipur
author img

By

Published : May 11, 2023, 7:50 PM IST

নিউজ ডেস্ক, ১১ মে' : সংঘৰ্ষজৰ্জৰ মণিপুৰত স্বাভাৱিক পৰিস্থিতি ক্ৰমান্বয়ে উভতি আহিবলৈ আৰম্ভ কৰিছে । অৱশ্যে এতিয়াও উমি উমি জ্বলি আছে প্ৰতিশোধৰ জুই (violence hit Manipur) । ৰাজ্যখনত জাৰি কৰা সান্ধ্য আইনকে ধৰি কটকটীয়া নিৰাপত্ত ব্যৱস্থাৰ বাবে এতিয়াও কিছু অঞ্চলত গোমা পৰিৱেশে বিৰাজ কৰি আছে । তাৰ মাজতে এইবাৰ এইবাৰ মণিপুৰৰ পৰিস্থিতিক লৈ আৰম্ভ হৈছে ৰাজনৈতিক বোকা ছটিওৱাৰ খেল ।

বিশেষকৈ বিৰোধী কংগ্ৰেছে ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি তীব্ৰ সমালোচনা কৰিছে (congress slams BJP on Manipur case) । লগতে প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সন্দৰ্ভতো । তাৰ মাজতে কংগ্ৰেছে বৃহস্পতিবাৰে হিংসাপীড়িত মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে সংবিধান অনুসৰি কাম কৰা নাই ।

"আমি মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছোঁ (Congress demands President rule in Manipur) । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সংবিধান অনুসৰি কাম কৰা নাই । হিংসাপীড়িত ৰাজ্যখনত শান্তি দ্ৰুতভাৱে পুনৰুদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন অধিক উপযুক্ত হ'ব ।" মণিপুৰৰ দায়িত্বত থকা এআইচিচিৰ নেতা ভক্ত চৰণ দাসে এনেদৰে কয় (AICC in charge of Manipur Bhakta Charan Das) ।

"মই যোৱা কেইদিনমানৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰি আছোঁ । মই আমাৰ দলৰ নেতা আৰু স্থানীয় লোকসকলৰ সৈতে শেহতীয়া উত্তপ্ত পৰিস্থিতি সম্পৰ্কে কথা পাতিছোঁ । মেইটেই সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি এছটিৰ মৰ্যাদা দাবী কৰি আহিছে । কিন্তু তাৰ কোনো সমাধান হোৱা নাই । মেইটেই আৰু জনজাতি উভয়েই কেইবা দশক ধৰি ৰাজ্যখনত শান্তিপূৰ্ণভাৱে বাস কৰি আহিছে । গতিকে এতিয়া কি ভুল হৈছে ? এনেকুৱা লাগিছে যে শেহতীয়া হিংসা পূৰ্বপৰিকল্পিত আছিল (congress blames BJP on Manipur violence) ।" তেওঁ কয় ।

বৃহস্পতিবাৰে মণিপুৰৰ পৰা উভতি অহাৰ পিছত দাসে কয়, "যদিও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সমস্যাজৰ্জৰ ৰাজ্যখনত স্বাভাৱিক অৱস্থা দাবী কৰি আছে, তথাপিও দোলাইথাবি অঞ্চলত গুলীয়াগুলী আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।" দাসে কয় ।

"মই আচৰিত যে, শেহতীয়াকৈ সংঘটিত হোৱা উত্তেজনাক লৈ বা কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে শান্তিৰ বাবে আবেদন কৰাক লৈ প্ৰধানমন্ত্ৰীৰ পৰা কোনো টুইট কৰা হোৱা নাই । কংগ্ৰেছ দলে ৰাজ্যপালৰ ওচৰলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল আৰু তেওঁক খিৰিকীৰে জ্বলি থকা এটা ঘৰ দেখুৱাইছিল । আমাৰ ৰাজ্যিক নেতাসকলেও ৰাজ্য চৰকাৰে আহ্বান কৰা এখন সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰিছিল । শান্তি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আমি অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" তেওঁ লগতে কয় ।

উল্লেখ্য, মণিপুৰৰ দায়িত্বত থকা এআইচিচিৰ নেতাজনে অভিযোগ কৰে যে এজন বিজেপি যুৱ নেতাই শেহতীয়াকৈ চুৰাচান্দপুৰ অঞ্চলত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে আয়োজন এক ৰেলীত অংশগ্ৰহণ কৰিছিল । তাৰ পিছতে হিংসাত্মক ঘটনা সংঘটিত হয় । "বিজেপি নেতাজন জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ ৰেলীত কিয় উপস্থিত আছিল ? কোনে তেওঁক অনুমতি দিছিল ? শেহতীয়াকৈ স্থানীয় লোকসকলৰ দুটা উগ্ৰপন্থী গোট গঠন কৰা হৈছে । তেওঁলোকৰ সদস্যসকলে মটৰচাইকেলত হিংসাপীড়িত অঞ্চলবোৰৰ চাৰিওফালে ঘূৰি ফুৰিছিল আৰু আৰক্ষী থানাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুটি লৈছিল । আৰক্ষীয়ে তেওঁলোকক অসহায়ভাৱে চাই আছিল । স্থানীয় যুৱকসকল মটৰচাইকেলত ঘূৰি ফুৰা এই দলবোৰৰ কাৰ্যকলাপত প্ৰভাৱিত হৈছিল । কোনে তেওঁলোকক আইন-শৃংখলাৰ সৈতে খেলিবলৈ অনুমতি দিছিল ? আৰক্ষী থানাত আক্ৰমণ কৰাটো স্বাভাৱিক নেকি ।" এআইচিচি নেতাজনে উল্লেখ কৰে ।

তেওঁ লগতে অভিযোগ কৰে যে, আৰক্ষী থানাৰ পৰা লুটি লোৱা এ কে ৪৭ বন্দুকসহ (৭০০) বৃহৎসংখ্যক অস্ত্ৰ দুৰ্বৃত্তই ঘূৰাই দিয়া নাই আৰু শেহতীয়া হিংসাৰ সময়ত প্ৰায় ২০০ টা গীৰ্জা জ্বলি গৈছিল । দাসে কয়, "উল্লেখনীয় কথাটো হ'ল যে এইবাৰ মেইটেই খ্ৰীষ্টানসকলক লক্ষ্য কৰা হৈছিল ।" কংগ্ৰেছ নেতাজনে লগতে উল্লেখ কৰে যে, বিজেপিয়ে ২০২২ চনত মেইটেই আৰু জনজাতীয় উভয়কে তেওঁলোকৰ সমস্যাসমূহ চোৱা-চিতা কৰিবলৈ স্বায়ত্তশাসিত ন্যাস আৰু জনজাতীয় পৰিষদ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু নিৰ্বাচনৰ পিচত তেনে একো কৰা নাছিল, যাৰ দ্বাৰা সমতল আৰু পাহাৰৰ লোকসকলৰ মাজৰ সম্পৰ্ক সৌহাৰ্দপূৰ্ণ হয় ।

দাসৰ মতে, "নিৰ্বাচনৰ সময়ত মই আৰু জয়ৰাম ৰমেশে নিৰ্বাচন আয়োগক কৈছিলোঁ যে, উগ্ৰপন্থীসকলে বন্দুক লৈ অঞ্চলটোৰ চাৰিওফালে ঘূৰি ফুৰিছে । ৰাজ্যখনত এতিয়া ভয় আৰু শংকাৰ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হৈছে ।" তেওঁ লগতে কয়, "শেহতীয়াকৈ সংঘটিত উচ্ছৃংখলতাই প্ৰমাণ কৰিছে যে, বিজেপিয়ে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এক হিংসাত্মক দৃষ্টিভংগীত বিশ্বাস কৰে আৰু সংবিধান অনুসৰি প্ৰণালীবদ্ধ, গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস নকৰে ।"

লগতে পঢ়ক :Manipur crisis: মণিপুৰত প্ৰতিশ্ৰুতি ৰখাত ব্যৰ্থ ডাব’ল ইঞ্জিনৰ চৰকাৰ; কংগ্ৰেছৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.