ETV Bharat / bharat

আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে

author img

By

Published : Oct 13, 2021, 1:24 PM IST

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক লখিমপুৰৰ খেৰীৰ ঘটনা সন্দৰ্ভত এখন বিতং প্ৰতিবেদন দাখিল কৰিব ৷

Congress delegation to meet Prez Kovind over Lakhimpur Kheri incident today
আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে

নিউজ ডেস্ক, 13 অক্টোবৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব ৷ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতি কোবিন্দক লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব ৷

কংগ্ৰেছৰ প্ৰতিনিধি দলটোত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, দলৰ জ্যেষ্ঠ নেতা এ কে এণ্টনী, লোকসভাৰ কংগ্ৰেছ নেতা গুলাম নবী আজাদ, অধীৰ ৰঞ্জন চৌধুৰী, কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰা আৰু কে চি বেণুগোপাল উপস্থিত থাকিব ৷

কংগ্ৰেছ দলে ইয়াৰ পূৰ্বে ১০ অক্টোবৰত ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি ভৱনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । দলটোৱে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰাৰ বাবেও ৰাষ্ট্ৰপতিক দাবী জনাইছিল ৷ অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰ টেনীৰ বিৰুদ্ধে ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষক গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : খেৰী কাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ টেনীক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.