ETV Bharat / bharat

Law and order situation in Tripura : ত্ৰিপুৰাত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ-চিপিআই(এম)ৰ যুটীয়া বিবৃতি - Tripura oppositions party joint release

ত্ৰিপুৰাত আইন শৃংখলা পৰিস্থিতি যথেষ্ট অৱনতি হৈছে (Law and order situation in Tripura)। এই অভিযোগ কংগ্ৰেছ, চিপিআই(এম)কে ধৰি কেইবাটাও বিৰোধী দলৰ । ইতিমধ্যে ৰাজ্যখনৰ গণতন্ত্ৰ ৰক্ষা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যুটীয়া বিবৃতি প্ৰকাশ কৰিছে বিৰোধীয়ে ।

Law and order situation in Tripura
ত্ৰিপুৰাত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ-চিপিআই(এম)ৰ যুটীয়া বিবৃতি
author img

By

Published : Dec 28, 2022, 11:56 AM IST

নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : ২০২৩ চনৰ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Tripura assembly election 2023)। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰিছে । ইফালে তাৰ মাজতে ৰাজনৈতিক দলসমূহৰ মাজত সংঘাত হোৱাও দেখা গৈছে (Political clashes in Tripura)। বিভিন্ন স্থানত আনকি দলীয় কৰ্মীক আক্ৰমণ, ভয়-ভাবুকি আদিৰ দৰে ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে ।

শাসকীয় বিজেপি দলৰ নেতৃত্বত ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি অৱনমিত হোৱা বুলিও অভিযোগ কৰিছে বিৰোধীয়ে (Law and order situation in Tripura)। ইয়াৰ মাজতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰতা স্থাপন কৰা কংগ্ৰেছ আৰু চিপিআই(এম) দলে একত্ৰিতভাৱে প্ৰকাশ কৰিলে এখন বিবৃতি (Tripura oppositions party joint release)। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত দুয়োটা দলে যুটীয়াভাৱে প্ৰকাশ কৰিলে বিবৃতিখন ।

কংগ্ৰেছ আৰু চিপিআই(এম) লগতে আন কেইবাটাও দলে প্ৰকাশ কৰা বিবৃতিখনৰ জৰিয়তে ৰাজ্যখনত গণতন্ত্ৰ ৰক্ষা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা হৈছে । ৰাজ্যখনত একনায়কত্ববাদৰ চৰকাৰ চলি থকাৰ অভিযোগ উত্থাপন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে বিৰোধীয়ে । বিবৃতিত অভিযোগ কৰা মতে বিৰোধী দলবোৰৰ স্বতন্ত্ৰ কাৰ্যকলাপ আৰু তেওঁলোকৰ কণ্ঠস্বৰ ৰুদ্ধ কৰা হৈছে আৰু নিৰ্বাচন এক নাটকত পৰিণত হৈছে ।

চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰী, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিৰজিৎ সিনহা, চিপিআইৰ ৰাজ্যিক গোট, আৰএছপি, ফৰৱাৰ্ড ব্লক আৰু চিপিআই(এম-এল)ৰ ৰাজ্যিক গোটৰ ভাৰপ্ৰাপ্ত সদস্যসকলে যুটীয়াভাৱে বিবৃতিত স্বাক্ষৰ কৰিছে । জীতেন্দ্ৰ চৌধুৰীয়ে দাবী কৰিছে যে টিআইপিআৰএৰ মুৰব্বী প্ৰদ্যুত কিশোৰ দেববৰ্মনেও বিবৃতিটোত প্ৰকাশ কৰা মতামতক ব্যাপকভাৱে সমৰ্থন কৰিছে ।

বিৰোধীয়ে অভিযোগ কৰা মতে ৰাজ্যখনত হত্যা, সন্ত্ৰাসবাদী কাৰ্যকলাপ, লুণ্ঠন আৰু ধন দাবীৰ দৰে ঘটনা বৃদ্ধি পাইছে (Crime in Tripura)। আনহাতে শাসকীয় দলটোক অসাংবিধানিক আৰু অগণতান্ত্ৰিক কাৰ্যকলাপ চলাবলৈও প্ৰশাসন আৰু আৰক্ষীয়ে সহায় কৰাৰ গুৰুতৰ অভিযোগ কৰিছে বিৰোধীয়ে । সেয়েহে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে এনে অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাত মাতিবলৈও আহ্বান জনাইছে বিৰোধী দলসমূহে ।

বিবৃতিৰ জৰিয়তে নিৰ্বাচন আয়োগক আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু প্ৰতিগৰাকী ব্যক্তিৰ ভোটদানৰ অধিকাৰ নিশ্চিত কৰিবলৈও আহ্বান জনোৱা হৈছে ।

শেহতীয়া ৰাজনৈতিক পৰিৱৰ্তন সন্দৰ্ভত চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা পাবিত্ৰ কাৰে কয় যে ৰাজ্যখনত গণতন্ত্ৰ ৰক্ষা আৰু আইনৰ শাসনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহৰ মাজত হোৱা সহমতৰ মূল বিষয় হৈছে এই যুটীয়া বিবৃতি । কংগ্ৰেছৰ সৈতে চিপিআই(এম)য়ে নিৰ্বাচনী সমন্বয় ৰখাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে বিৰোধীৰ এনে পদক্ষেপক সুবিধাবাদী ৰাজনীতি আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে ।

লগতে পঢ়ক :Gunfight breaks out at Jammu : জম্মুত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ৩ সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.