ETV Bharat / bharat

Congress complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল এজাহাৰ

সমাগত কৰ্ণাটক নিৰ্বাচন (Karnataka elections 2023) ৷ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈ বোকা চটিওৱাৰ ৰাজনীতি ৷ ইয়াৰ মাজতে কেবাটাও গুৰুতৰ অভিযোগ তুলি কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিত্তপুৰা বিজেপিৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল কৰে এক এজাহাৰ ।

Congress complaint against PM Modi
কৰ্ণাটক নিৰ্বাচনৰ মাজত সৃষ্টি হৈ বোকা চটিওৱাৰ ৰাজনীতি
author img

By

Published : May 7, 2023, 12:55 PM IST

নেশ্যনেল ডেস্ক, 7 মে’ : শনিবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিত্তপুৰা বিজেপিৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰৰ বিৰুদ্ধে দাখিল কৰা হয় এক এজাহাৰ । কংগ্ৰেছ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল কৰে এই এজাহাৰ (Congress complaint against PM Modi and Manikant Rathore)।

কংগ্ৰেছে অভিযোগ দাখিল কৰিছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণত কৈছিল যে কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰে । আনহাতে, বিজেপি প্ৰাৰ্থী মণিকান্ত ৰাথোৰে মল্লিকাৰ্জুন খৰ্গে আৰু পৰিয়ালক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে । এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিত্তপুৰা বিজেপিৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰৰ থানাত দাখিল কৰে এই এজাহাৰ (Karnataka elections 2023) ৷

কংগ্ৰেছৰ অভিযোগ, ‘‘ প্ৰদানমন্ত্ৰী মোডীয়ে মিছা তথা আভুৱা ভৰা কথাৰে ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল ৷ লগতে কংগ্ৰেছ দলটোক কলংকিত কৰাৰ এক হতাশজনক চেষ্টা কৰিছিল’’ । লগতে বিৰোধী দলে আৰক্ষীক, “বিস্তৃত তদন্ত কৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে FIR দাখিল কৰিবলৈ আহ্বান জনায়’’ ।

Congress complaint against PM Modi
কৰ্ণাটক নিৰ্বাচনৰ মাজত সৃষ্টি হৈ বোকা চটিওৱাৰ ৰাজনীতি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক জনসভাত কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত সন্ত্ৰাসবাদক লালন-পালন কৰে বুলি কৰিছে মন্তব্য কৰে ৷ যাৰ বাবে শনিবাৰে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ লিখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কংগ্ৰেছ দলটোৱে ৷ কংগ্ৰেছে উল্লেখ কৰা অনুসৰি বিজেপিয়ে ভোটবেংকৰ স্বাৰ্থত লক্ষ্মণ ৰেখা পাৰ কৰিছে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে কৰ্ণাটকৰ বেলাৰীত অনুষ্ঠিত এক সভাত প্ৰধানমন্ত্ৰী মোডীৰ এই অভিযোগ ওপৰত তীব্ৰ সমালোচনা কৰি বিৰোধী দলটোৱে কয় যে তেওঁ কৰ্ণাটকৰ পৰিৱেশ বিকৃত কৰিবলৈ দুৰ্নীতি আৰু মিছাৰ প্ৰশ্ৰয় লৈছে । ভোট বেংকৰ স্বাৰ্থতেই প্ৰধানমন্ত্ৰী মোডীয়ে সন্ত্ৰাসবাদৰ প্ৰশ্ৰয় লৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি বিজেপিৰ শীৰ্ষ নেতাই কৰ্ণাটকৰ পৰিৱেশ মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে ৷ যাৰ বাবে কংগ্ৰেছে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তলৈ বিজেপিৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰে লগতে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত এজাহাৰো দাখিল কৰে (Congress complaint against PM Modi)।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালা আৰু কে চি ভেনুগোপালে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে, ‘‘প্ৰধানমন্ত্ৰীৰ ভাষণৰ সুৰত আমাৰ আপত্তি আছে ৷ কিন্তু এই প্ৰতিবেদনত আমি কেৱল এই বৰ্ষত সংঘটিত হোৱা দুৰ্নীতিৰ কথাহে উল্লেখ কৰিব বিচাৰিছো’’ । উল্লেখ্য যে, নিৰ্বাচন আয়োগক বাৰে বাৰে এই সন্দৰ্ভত অৱগত কৰাৰ পাচতো বিজেপিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি দাবী কৰে কংগ্ৰেছ দলটোৱে ।

লগতে পঢ়ক : Cyclone Mocha: বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণী বতাহ মোচা; বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.