নিউজ ডেস্ক, ৩ জানুৱাৰী : গণ পুঁজি সংগ্ৰহ প্ৰচাৰ অভিযান 'দেশৰ বাবে দান'ত কংগ্ৰেছে এতিয়ালৈকে মুঠ 10.15 কোটি টকা অনুদান সংগ্ৰহ কৰিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা দলৰ কোষাধ্যক্ষ অজয় মাকেনে এক্সৰ এটা পোষ্টত এই কথা জনাইছে । লগতে জনাইছে যে দলটোৱে সংগ্ৰহ কৰা অনুদানৰ সৰ্বাধিক ধন তেলেংগানাৰ পৰা আহিছে । ই বৰ্তমান ১.৭২ কোটিলৈ বৃদ্ধি পাইছে । ইয়াৰ পিছত থকা হাৰিয়ানাৰ পৰা সংগ্ৰহ হৈছে ১.২১ কোটি টকা ।
"হাৰিয়ানাৰ সাহসী কংগ্ৰেছ কৰ্মীসকলৰ উৎসাহক অভিবাদন ! মহাৰাষ্ট্ৰক চেৰপেলাই দ্বিতীয় স্থানত । মুঠ দানৰ পৰিমাণ হৈছে 1.21 কোটি টকা, কেৱল হাৰিয়ানাৰ পৰা ! আমি এতিয়া দানৰ পৰিমাণ ১০.১৫ কোটি টকা অতিক্ৰম কৰিছোঁ ।" তেওঁ এক্সৰ এটা পোষ্টত কয় ।
আনহাতে, 'দেশৰ বাবে দান' অভিযানৰ অধীনত সৰ্বাধিক অনুদান সংগ্ৰহ কৰা শীৰ্ষ পাঁচখন ৰাজ্য হৈছে তেলেংগানা, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ । ইয়াৰ পূৰ্বে ডিচেম্বৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ বাবে গণ পুঁজি প্ৰচাৰ অভিযান 'দেশৰ বাবে দান' আৰম্ভ কৰিছিল ।
কংগ্ৰেছ দলে এক্সৰ এটা পোষ্টত উল্লেখ কৰিছিল যে এই প্ৰচাৰ অভিযান ১৯২০ চনত আৰম্ভ হোৱা 'তিলক স্বৰাজ পুঁজি'ৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৰা হৈছে । কংগ্ৰেছে ১৩৮ বছৰ সম্পূৰ্ণ কৰাত মহা পুৰণি দলটোৱে নাগৰিকসকলক ১৩৮ সংখ্যাত (যেনে ১৩৮ টকা, ১৩৮০ টকা, ১৩,৮০০ টকা বা ততোধিক) ধন পৰিশোধ কৰিবলৈ আহ্বান জনায় ।
এই অভিযানৰ লক্ষ্য হৈছে 'সমান সম্পদ বিতৰণ আৰু সুযোগেৰে সমৃদ্ধ ভাৰত গঢ়ি তুলিবলৈ দলটোক শক্তিশালী কৰা' । অভিযান সন্দৰ্ভত খাৰ্গেয়ে কয় যে কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সৰ্বসাধাৰণৰ পৰা অনুদান বিচাৰিছে । লগতে মহাত্মা গান্ধীৰ উদ্ধৃতি দি কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত তেৱোঁ ৰাইজৰ পৰা অনুদান লৈছিল ।
"প্ৰথমবাৰৰ বাবে কংগ্ৰেছে সৰ্বসাধাৰণৰ পৰা ৰাষ্ট্ৰৰ বাবে অনুদান বিচাৰিছে... যদি আপুনি কেৱল ধনী লোকৰ ওপৰত নিৰ্ভৰ কৰিহে কাম কৰে, তেন্তে আপুনি তেওঁলোকৰ নীতি অনুসৰণ কৰিব লাগিব । স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়েও ৰাইজৰ পৰা অনুদান লৈছিল ।" খাৰ্গেয়ে কয় ।
লগতে পঢ়ক :আদানি হিণ্ডেনবাৰ্গ বিতৰ্ক; ছেবিৰ এফপিআই নিয়মাৱলীত হস্তক্ষেপ নকৰে ছুপ্ৰিম কোৰ্টে