ETV Bharat / bharat

চীনে অৰুণাচলৰ ১৫ টা স্থানৰ নাম সলনি কৰাক লৈ সৰৱ কংগ্ৰেছ - অৰুণাচল প্ৰদেশৰ ১৫ টাকৈ স্থানৰ নাম সলনি

চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰিছে (China renamed 15 locations in Arunachal Pradesh)। তেওঁলোকে এই নতুন নাম তেওঁলোকৰ মানচিত্ৰত ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰিছে । কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰিছে বিৰোধী কংগ্ৰেছ । মোডী চৰকাৰক বেইজিং জনতা পাৰ্টি আখ্যা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ ।

China renamed 15 locations in Arunachal Pradesh
চীনে অৰুণাচলৰ ১৫ টা স্থানৰ নাম সলনি কৰাক লৈ সৰৱ কংগ্ৰেছ
author img

By

Published : Dec 31, 2021, 7:03 PM IST

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : শেহতীয়া চীনৰ চৰকাৰে অৰুণাচল প্ৰদেশৰ ১৫ টাকৈ স্থানৰ নাম সলনি কৰিছে (China renamed 15 locations in Arunachal Pradesh) । চীনৰ এনে কাৰ্যৰ বাবে ভাৰতৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে চীনৰ এনে পদক্ষেপৰ পাছতো ভাৰতৰ বিজেপি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ দল । বিজেপি চৰকাৰৰ নিষ্ক্ৰিয় ভূমিকাক এইবাৰ সমালোচনা কৰে ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge criticizes BJP government)।

বিৰোধী দলপতিগৰাকীয়ে কয় যে চীনে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম পুনৰ নামাকৰণ কৰিছে । তেওঁ অভিযোগ কৰা মতে উপগ্ৰহৰ ছবিবোৰত স্পষ্ট হৈছে যে চীনে ভাৰতৰ ভূ-খণ্ডত দুখন গাঁও নিৰ্মাণ কৰিছে । সেয়ে বিজেপি চৰকাৰক বেইজিং জনতা পাৰ্টি বুলি অভিহিত কৰি নেতাগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডী আৰু চৰকাৰ নিমাত হৈ আছে । নেতাগৰাকীৰ অভিযোগ চীনে ভাৰতৰ ভূমি দখল কৰাক অস্বীকাৰহে কৰিছে ভাৰত চৰকাৰে ।

উল্লেখ্য যে, নতুন সীমান্ত আইন কাৰ্যকৰী কৰাৰ পূৰ্বে চীন চৰকাৰে তেওঁলোকৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰিছে । চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয় যে তেওঁলোকে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নতুন নাম চীনা মানচিত্ৰত ব্যৱহাৰ কৰিব । চীনৰ এনে কাৰ্য এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে ২০১৭ চনত চীনে অৰুণাচলৰ ৬ টাকৈ স্থানৰ নাম সলনি কৰিছিল ।

ইফালে ২৩ অক্টোবৰত চীনৰ শীৰ্ষ আইনী সংস্থা নেচনেল পিপলছ কংগ্ৰেছৰ স্থায়ী সমিতিয়ে দেশৰ স্থল সীমান্ত অঞ্চলৰ সুৰক্ষা আৰু শোষণ শীৰ্ষক এক নতুন আইন গৃহীত কৰে । সমিতিখনে কৈছিল যে, নতুন আইনখন ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব । নতুন সীমান্ত আইনত ৬২ টা অনুচ্ছেদ আৰু সাতটা অধ্যায় আছে । আইন অনুসৰি, চীনৰ চৰকাৰে দেশখনৰ সকলো স্থল সীমাত সীমা চিহ্নিত কৰিবলৈ সীমা চিহ্ন স্থাপন কৰিব ।

লগতে পঢ়ক :চীনত নিৰ্মিত J-10C যুঁজাৰু বিমান ক্ৰয় কৰিলে পাকিস্তানে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.