ETV Bharat / bharat

Congress slammed Modi government: "মোদী চৰকাৰে অৰ্থনীতিৰ অপব্যৱহাৰ কৰিছে"- কংগ্ৰেছ - শ্বেতপত্ৰ উলিয়াবলৈ দাবী

নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত দেশৰ ঋণৰ বোজা 2014 চনৰ 55 লাখ কোটি টকাৰ পৰা 155 লাখ কোটি টকালৈ বৃদ্ধি হৈছে।দেশত ক্ৰমাৎ বৰ্ধিত ঋণৰ বোজাক লৈ সৰৱ কংগ্ৰেছ (Congress accuses Modi govt of economic mismanagement) ।

Congress slammed Modi government
"মোদী চৰকাৰে অৰ্থনীতিৰ অপব্যৱহাৰ কৰিছে"- কংগ্ৰেছ
author img

By

Published : Jun 10, 2023, 5:57 PM IST

নিউজ ডেস্ক, 10 জুন: " নৰেন্দ্ৰ মোদীয়ে যোৱা ন বছৰত 100 লাখ কোটি টকাৰ ঋণ লৈছে । মোদীৰ পূৰ্বে থকা 14 জন প্ৰধানমন্ত্ৰীয়ে মুঠ প্ৰায় 45 লাখ কোটি টকাৰ ঋণ লৈছিল (Congress accuses Modi govt )। এই চৰকাৰৰ অধীনত, দেশৰ ঋণৰ বোজা 2014 চনৰ 55 লাখ কোটি টকাৰ পৰা 155 লাখ কোটি টকালৈ বৃদ্ধি হৈছে। এইটোৱেই মোদী চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাৰ অপব্যৱহাৰ ছবি পোহৰল অনাৰ লগতে লগতে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে ৷ ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক অত্যাৱশ্যকীয় সামগ্ৰী অধিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে (Congress slammed Modi government)৷ আমি চৰকাৰক দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত এখন শ্বেতপত্ৰ উলিয়াবলৈ দাবী জনাইছো, ৷" দেশত ক্ৰমাৎ বৰ্ধিত ঋণৰ বোজাক লৈ সৰৱ হৈ এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে (Congress accuses Modi govt of economic mismanagement) ।

কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, " দেশৰ অৰ্থনীতি হেডলাইন মেনেজমেণ্ট আৰু হোৱাটছএপ্প ফৰৱাৰ্ডৰ জৰিয়তে পৰিচালনা কৰিব নোৱাৰি (Congress demands white paper)। দেশৰ অৰ্থনীতি পৰিচালনা কৰিবলৈ পাকৈত অৰ্থনৈতিক পৰিচালকৰ প্ৰয়োজন। দেশত অত্যাধিক ঋণৰ বোজাৰ ফলস্বৰূপে, প্ৰতিজন ভাৰতীয়ৰ এতিয়া 1.20 লাখ টকাৰ ঋণ আছে আনহাতে ধনীসকলে ইয়াৰ পৰা লাভান্বিত হৈছে ৷"

কংগ্ৰেছী নেত্ৰীগৰাকীয়ে 2020 চনৰ কেগ (CAG) ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কৈছিল যে ভাৰতৰ কৰ আৰু জিডিপি অনুপাত 52 শতাংশত উপনীত হৈছেহি (PM took debt of Rs 100 lakh crores)। দেশত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়েহে অৰ্থনৈতিক অপব্যৱহাৰৰ ফল ভুগিছে ৷ ফলত ধনীসকল অধিক ধনী হৈছে আৰু দুখীয়াসকল দিনক দিনে দুখীয়া হৈ গৈ আছে (Congress spokesperson Supriya Shrinate) ৷"

"মোদী চৰকাৰে সকলো পৰ্যায়ৰ লোকৰ বাবে 'অচ্ছে দিন'ৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কাৰ প্ৰকৃততে 'অচ্ছে দিন' আহিছে ? দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ওপৰত অত্যাধিক কৰৰ বোজা, ইন্ধনৰ মূল্যবৃদ্ধি আৰু সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা হৈছে ৷ এই মুল্যবৃদ্ধিয়ে ধনী লোকসকলৰ ওপৰত কোনোধৰণে প্ৰভাৱ পেলোৱা নাই ৷" শ্ৰীনেটে চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি কয় ।

কংগ্ৰেছ নেত্ৰী শ্ৰীনেটে উল্লেখ কৰে যে অত্যাধিক ঋণৰ বোজা মানে হৈছে চৰকাৰে প্ৰতি বছৰে 11 লাখ কোটি টকাৰ সূত পৰিশোধ কৰিব লাগিব, এই ধনখিনি জনসাধাৰণক সকাহ দিয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। বৰ্তমান সময়ত 23 কোটি লোক দৰিদ্ৰসীমাৰ তলত আছে আৰু 83 শতাংশ লোকৰ উপাৰ্জন হ্ৰাস পাইছে। প্ৰায় 11,000 ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈছে কিন্তু 2020 চনত 102 জন কোটিপতিৰ সংখ্যা 2022 চনত 166 লৈ বৃদ্ধি পাইছে (Supriya Shrinate slams PM Narendra Modi) ৷

"ইয়াৰ পৰিৱৰ্তে চৰকাৰে ঘেঁহুৰ আটা, দৈ, ঔষধ, শিক্ষাৰ দৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰিছে। ইয়াৰ ফলস্বৰূপে, যোৱা এবছৰত অৰ্থনীতিত ব্যৱহৃত জিডিপি 61 শতাংশৰ পৰা 60 শতাংশলৈ হ্ৰাস পাইছে ৷ যেতিয়া প্ৰধানমন্ত্ৰী মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়াই তেওঁ সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰক অৰ্থনীতিৰ ক্ষেত্ৰত লক্ষ্য কৰি লৈছিল। কিন্তু এতিয়া কোনো স্পষ্টীকৰণ নাই। সেয়েহে আমি এখন শ্বেতপত্ৰৰ দাবী উত্থাপন কৰিছো ৷" শ্ৰীনেটে চৰকাৰক সমালোচনা কৰি কয় ৷

লগতে পঢ়ক: Benefits of Hilikha: কোষ্ঠকাঠিন্যৰ পৰা কাহ-চৰ্দিলৈকে বিভিন্ন ৰোগৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ শিলিখা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.