ETV Bharat / bharat

বিতৰ্কত হিমাচল বিধানসভাৰ উপাধ্যক্ষ হংসৰাজ - Himachal deputy speaker in controversy

শেহতীয়াকৈ হিমাচল বিধানসভাৰ উপাধ্যক্ষ হংসৰাজে এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত এগৰাকী ছাত্ৰক প্ৰহাৰ কৰে উপাধ্যক্ষগৰাকীয়ে (Himachal Assembly deputy speaker thrashes student)। সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে উপাধ্যক্ষগৰাকী ।

Himachal Assembly
বিতৰ্কত হিমাচল বিধানসভাৰ উপাধ্যক্ষ হংসৰাজ
author img

By

Published : May 21, 2022, 3:42 PM IST

Updated : May 21, 2022, 4:58 PM IST

নেশ্যনেল ডেস্ক, ২১ মে': সম্প্ৰতি চৰ্চাত হিমাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ হংসৰাজ । হংসৰাজৰ এটা ভিডিঅ' ব্যাপকভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে । ভাইৰেল ভিডিঅ'টোত উপাধ্যক্ষগৰাকীয়ে ৰাইলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতি আছে আৰু তেনে সময়তে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে এগৰাকী শিক্ষাৰ্থীক প্ৰহাৰ কৰিছে (Hansraj slapping a student in a government school in Raila)। এই ভিডিঅ'ক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সূত্ৰৰ মতে উপাধ্যক্ষগৰাকীয়ে হঠাৎ চম্বাৰ ৰাইলা গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শনৰ বাবে উপস্থিত হয় । তেওঁ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সৈতে ক'ভিড মহামাৰী আৰু টীকাকৰণৰ বিষয়ে কথা পাতি আছিল । এই সময়ত, এগৰাকী শিক্ষাৰ্থীয়ে হাঁহি আছিল । ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে হংসৰাজে ছাত্ৰজনক কিয় হাঁহিছে সুধিছে আৰু তেওঁক এটা চৰ সোধাইছে (Himachal Assembly deputy speaker thrashes student)।

বিতৰ্কত হিমাচল বিধানসভাৰ উপাধ্যক্ষ হংসৰাজ

ছাত্ৰজনক চৰ সোধাই তেওঁ প্ৰশ্ন কৰে যে ইয়াত কোনো মাদাৰী খেল চলি আছে নেকি ? বিধানসভাৰ এগৰাকী উপাধ্যক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এনে আচৰণ কৰাৰ বাবে বহুলোকে তেওঁক সামাজিক মাধ্যমত সমালোচনা কৰিছে ।

ভিডিঅ'টো সম্পৰ্কত চুৰাহ সমষ্টিৰ কংগ্ৰেছ সেৱা দলৰ সভাপতি প্ৰকাশ ভূটানীয়ে (Congress Seva Dal Churah Assembly Constituency President Prakash Bhutani) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধানসভাৰ উপাধ্যক্ষক প্ৰশ্ন কৰে যে তেওঁ সাংবিধানিক পদত থকাৰ পাছতো এনেদৰে বিদ্যালয়ৰ ভিতৰত ছাত্ৰক প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে ? তেওঁ লগতে কয় যে উপাধ্যক্ষগৰাকীয়ে ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সংযম হোৱাটো প্ৰয়োজন । ভূটানীয়ে লগতে বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে অভিযোগ দিবলৈ অভিভাৱকসকলক আহ্বান জনায় ।

প্ৰকাশ ভূটানীয়ে অভিযোগ কৰা মতে নিৰ্বাচনলৈ মাজত কেইমাহমান বাকী থকা অৱস্থাত চৰকাৰী বিদ্যালয়লৈ মনত পৰিছে উপাধ্যক্ষ হংসৰাজৰ । ৰাজ্যখনৰ বিদ্যালয়সমূহত কৰ্মচাৰী অভাৱ সেয়ে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে তেওঁলোকৰ বিফলতা লুকুৱাবলৈ শিশুসকলৰ সৈতে এনে ধৰণৰ আচৰণ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক

Last Updated : May 21, 2022, 4:58 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.