নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: স্বামী-স্ত্ৰীৰ সম্পৰ্কক ভগৱানে ওপৰৰ পৰা মিলাই পঠোৱা বুলি কয় ৷ কিন্তু স্বামী-স্ত্ৰীৰ এখন সুখৰ সংসাৰ চলিবলৈ মৰম, ভালপোৱা আৰু বুজাবুজিৰ লগতে ইজনে সিজনক প্ৰশংসা কৰাটো সিমানেই প্ৰয়োজনীয় ৷ শাৰীৰিক আকৰ্ষণ তথা সুন্দৰ অৱয়বে আপোনাৰ প্ৰিয়জনক আকৰ্ষিত কৰে ৷ বহুসময়ত এনে আকৰ্ষণে এটা সম্পৰ্কক মজবুত কৰি ৰাখে (Wife lodged FIR at Raipur)৷
কিন্তু যেতিয়া এই আকৰ্ষণ নোহোৱা হৈ যায় তেতিয়া এখন সংসাৰ ভাগি থান-বান হৈ যাব পাৰে ৷ আজি আমি ক’ব ওলোৱা ঘটনাটো প্ৰায় এনেধৰণেৰে ৷ পত্নীক কুৎসিত বুলি কোৱাৰ কাৰণেই স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে পত্নীয়ে ৷ এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰায়পুৰ এলেকাত ৷
2012 চনত ৰায়পুৰৰ পুৰণি বস্তি এলেকাৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল এগৰাকী যুৱতীয়ে ৷ বিয়াৰ প্ৰথমতে সকলো ঠিকেই আছিল যদিও বিয়াৰ পিছলৈ স্বামীয়ে পত্নীৰ লগত দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ৷ কথাই প্ৰতি পত্নীক গালি গালাজ পাৰাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল স্বামীয়ে ৷
পত্নীক প্ৰায়েই তেওঁৰ মুখৰ অবয়ব তথা ৰং-ৰূপক লৈ ঠাট্টা মস্কৰা কৰিছিল স্বামীয়ে (Husband calls wife face is like eunuch)৷"তোমাক দেখিবলৈ কিন্নৰ দৰে লাগে, দেউতাৰ কথাত মান্তি হৈহে মই তোমাৰ লগত বিবাহ কৰিছিলো ৷ নহ’লে তোমাৰ দৰে ছোৱালীক কোনে বিয়া কৰালে হয় ৷" এই ধৰণৰ কটাক্ষযুক্ত মন্তব্যৰে প্ৰায়েই পত্নীক আক্ৰমণ কৰিছিল স্বামীয়ে ৷
আনকি স্বামীয়ে কেৱল ইয়াতেই ক্ষান্ত নাথাকি নগ্ন হৈ অন্য যুৱতীৰ সৈতে ভিডিঅ’ কলযোগে কথা পাতিছিল বুলি স্বামীয়ে অভিযোগ কৰে ৷ বিবাহত পত্নীক মাতৃগৃহৰ পৰা দিয়া গহনা বিক্ৰী কৰি লাভ কৰা ধনেৰে গোৱা ফুৰিবলৈ গৈ তাত বিদেশী পৰ্যটকৰ সৈতে ফটো উঠি পত্নীক দেখুৱাইছিল স্বামীয়ে ৷ আনকি তেওঁলোকৰ শোৱনি কোঠাত নিজ পত্নীৰ সন্মুখতেই অন্য যুৱতীৰ লগত কথা পতাৰ লগতে অশ্লীল কাৰ্যকলাপ কৰিছিল বুলি পত্নীয়ে অভিযোগ উত্থাপন কৰে ৷
আনহাতে পত্নী দ্বিতীয়বাৰ অন্তঃসত্বা হওঁতে লিংগ পৰীক্ষা কৰোৱাই দ্বিতীয়বাৰো কন্যা সন্তান হ’ব বুলি জানি গৰ্ভপাত কৰায় ৷ দীৰ্ঘদিন ধৰি স্বামীয়ে কৰি অহা অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মহিলাগৰাকীয়ে ৰায়পুৰ মহিলা আৰক্ষী থানাত (Mahila Police Station) স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে(Wife lodged FIR against husband)৷
পত্নীক প্ৰতাৰিত কৰি অহাৰ লগতে, পত্নীক মাৰ ধৰা কৰা, গৰ্ভপাত কৰোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মহিলা আৰক্ষী প্ৰভাৰী কবিতা ধ্ৰুবে অতি শীঘ্ৰেই কালপ্ৰীত স্বামীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Gamblers arrested in Barpeta: বৰপেটা আৰক্ষীৰ জালত ছটাকৈ জুৱাৰী