ETV Bharat / bharat

ছুটি ছবিত ভগৱান জগন্নাথৰ প্ৰতি অসন্মানৰ অভিযোগ

ভগৱান জগন্নাথৰ প্ৰতি অসন্মান কৰাৰ অভিযোগ এখন ছুটি ছবিৰ বিৰুদ্ধে(Short film is accused of disrespecting Lord Jagannath) ৷ ভগৱান জগন্নাথ আৰু দেৱী নাৰায়ণীক দুৰ্বল চৰিত্ৰত চিত্ৰায়ণ হিন্দী ছুটি ছবিত ৷ আপত্তিজনক হিন্দী ছুটি ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ (Complaint filed against the producer )।

author img

By

Published : Sep 11, 2022, 11:10 AM IST

Updated : Sep 11, 2022, 2:15 PM IST

Complaint Against Short Film For Alleged Disrespect To Lord Jagannath
ছবিৰ যোগেদি ভগৱান জগন্নাথৰ প্ৰতি অসন্মানৰ অভিযোগ

নেশ্যনেল ডেস্ক,11 ছেপ্টেম্বৰ: এখন ছুটি ছবিৰ যোগেদি ভগৱান জগন্নাথৰ প্ৰতি অসন্মান কৰাৰ অভিযোগ উঠিছে (Short film is accused of disrespecting Lord Jagannath) ৷ ওডিশাৰ জাজপুৰ জিলাৰ প্ৰবক্তা দেৱীপ্ৰসাদ দাসে বিতৰ্কিত ছবিখনৰ প্ৰযোজক, পৰিচালকৰ লগতে 'মিয়া বিবি অউৰ বানানা' শীৰ্ষক ছবিখনৰ সম্প্ৰচাৰ কৰি থকা অটিটি প্লেটফৰ্ম ডিজনী+হটষ্টাৰক ক্ষমা খোজাৰ দাবী জনাইছে(OTT platform Disney+Hotstar) ।

ছুটিছবিত ভগৱান জগন্নাথৰ প্ৰতি অসন্মানৰ অভিযোগ

নীনা শ্ৰীবাস্তৱৰ পৰিচালনাত ২০১৯ চনত মুক্তি লাভ কৰিছিল ২০ মিনিট দৈৰ্ঘৰ কমেডী ছবি 'মিয়া বিবি অউৰ বানানা'ই ৷ ছবিখনৰ যোগেদি চেনিটেৰী নেপকিন সন্দৰ্ভত এক সামাজিক বাৰ্তা দিবলৈ যত্ন কৰা হৈছিল ।

৩ ছেপ্টেম্বৰত দাসে নাগৰিক পৰ্টেল যোগে জাজপুৰ ৰোড আৰক্ষী থানাত অভিযোগ দাখিল কৰি ছবিখনত মহ এটাৰ নাম জগন্নাথ আৰু মহটোক বুজোৱা সংলাপত অপমানজনক শব্দ ব্যৱহাৰ কৰা হৈছিল বুলি জাজপুৰ ৰোড আৰক্ষী থানাত অভিযোগ দাখিল কৰে((Complaint filed against the producer )) ।

ছবিখনৰ সংলাপসমূহৰ যোগেদি দেৱতাসকলক দুৰ্বল ৰূপত চিত্ৰায়িত কৰাৰ লগতে দেৱতাসকলৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা হৈছে বুলি অভিযোগ দাখিল কৰিছিল দাসে ৷

চিনেমাখনৰ নিৰ্মাতাগৰাকীয়ে এটি চৰিত্ৰৰ নাম নাৰায়ণী অৰ্থাৎ জগন্নাথৰ বিধৱা পত্নী হিচাপে ছুটি ছবিখনত প্ৰকাশ কৰিছে । লগতে তেওঁ উচ্চাৰণ কৰা কিছুমান সংলাপ অসহ্যকৰ বুলিও অভিযোগকাৰীয়ে অভিযোগ দাখিল কৰে ৷

ছবি নিৰ্মাতাগৰাকীৰ এনে কাৰ্যই ওডিশাবাসীৰ আৱেগ-অনুভূতিত তীব্ৰ আঘাত হানিছে বুলি অভিযোগকাৰী দাসে কয় ৷ ভগৱান জগন্নাথক অপমান কৰাৰ অধিকাৰ কাৰোৱেই নাই বুলি দাসে কয় ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ বিষয় ৷ প্ৰয়োজন হ’লে দেৱীপ্ৰসাদ দাসে ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰো হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: ধৰ্ষণ কৰি কিশোৰীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ

Last Updated : Sep 11, 2022, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.